আজি নুনমাটি থানালৈ নিয়া হৈছে বন্দনা কলিতাক !

ডিজিটেল ডেস্কঃ-:গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ খলনায়িকা বন্দনা কলিতা এতিয়া আৰক্ষীৰ জিম্মাত।আজি পাণবজাৰ মহিলা আৰক্ষীৰ থানাৰ পৰা নুনমাটি থানাত জেৰা চলোৱাৰ বাবে লৈ গৈছে বন্দনাক।ধনটি আৰু অৰূপৰ সৈতে একেলগে জেৰা কৰা হ’ব বন্দনাক।আৰক্ষী আয়ুক্ত দিগন্ত বৰাই চলাব জেৰা।সম্পত্তিৰ লালসত অতি নৃশংসভাৱে স্বামী আৰু শাহুৱেকক হত্যা কৰি স্বাভাৱিক জীৱন অতিবাহিত কৰিছিল বন্দনাই।
স্বামী আৰু শাহুৱেকক হত্যা কৰি মেঘালয়ত পেলাই দিছিল মৃতদেহ।আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে বন্দনাৰ শাহুৱেকৰ আৰু আৰু স্বামীৰ মৃতদেহ।মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে।আজি লোমহৰ্ষক হত্যাকাণ্ডৰ খলনায়িকা বন্দনা কলিতাক নুনমাটি থানালৈ নিয়া হৈছে ।নুনমাটি থানাত জেৰা চলোৱা হ’ব বন্দনাক।ইতিমধ্যে নুনমাটি থানাত উপস্থিত হৈছে আৰক্ষীৰ উচ্চপদস্থ বিষয়া।