Local, Vocal, Global

অক্সফ’ৰ্ডৰ কৰ’নাৰ ভেকচিনৰ ট্রায়েল বন্ধ

হঠাৎ ট্রায়েল বন্ধ কৰিলে ব্রিটেইনৰ অক্সফ’ৰ্ডৰ কৰ’না ভেকচিনৰ পৰীক্ষণ। AstraZeneca–ৰ ভেকচিন লোৱাৰ পিছত হঠাৎ অসুস্থ হৈ পৰে এজন ব্যক্তি ফলস্বৰূপে হঠাৎ ট্রায়েল বন্ধ কৰিলে ব্রিটেইনে।

এই পৰ্যন্ত ব্ৰিটেইনত কৰ’না ভেকচিনে আশাৰ বতৰা কঢ়িয়াই আছিল যদিও হঠাতে এজন ব্যক্তিৰ দেহত দেখা দিলে বিপত্তিয়ে। ফলত সাময়িকভাৱে AstraZeneca–ৰ ভেকচিনৰ ট্ৰায়েল স্থগিত ৰাখিছে প্ৰতিষ্ঠানটোৱে।

অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ সৈতে AstraZeneca–ই কৰ’না ভেকচিনৰ প্ৰস্তুতৰ কাম কৰি আছে। ভেকচিন নিৰ্মাণকাৰী সংস্থাটোৰ মুখপাত্ৰই প্ৰকাশ কৰা মতে ৰেণ্ডম টেষ্টৰ জৰিয়তে কৰ’না ভেকচিনৰ পৰীক্ষা চলাছিল যদিও বৰ্তমান সেয়া বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে প্ৰকাশ কৰে যে শুদ্ধ তদন্তৰ বাবেহে বৰ্তমান ট্ৰায়েল বন্ধ কৰিছে।  উল্লেখ্য যে  অসুস্থ হোৱা ব্যক্তিজন কি কাৰণত অসুস্থ হ’ল বৰ্তমানে স্পষ্ট কৰা নাই সংস্থাটোৱে।