Local, Vocal, Global

Uttarkashi Tunnel Rescue Operation Day 5 : অব্যাহত আছে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা

নেশ্যনেল ডেস্ক, ১৬ নৱেম্বৰ : উত্তৰাখণ্ডৰ ভূমিস্খলন ৫দিন উকলিল । এতিয়াও উদ্ধাৰ হোৱা নাই সুৰংগৰ ভিতৰত আৱদ্ধ হৈ থকা ৪০ গৰাকী শ্ৰমিক(40 workers still trapped) ।

উল্লেখ্য যে, ১২ নৱেম্বৰ দীপাৱলীৰ দিনাই উত্তৰাখণ্ডৰ যমুনোত্ৰী ঘাইপথত নিৰ্মাণৰত সুৰংগত সংঘটিত হৈছিল এক অঘটন। উত্তৰকাশীৰ যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ চিল্কিয়াৰাৰ পৰা দাণ্ডল গাঁৱলৈ এটা নিৰ্মীয়মান সুৰংগৰ ভিতৰত সংঘটিত হৈছিল ভূমিস্খলনৰ (Uttarkashi Silkyara Tunnel Accident) ৷

১২ নৱেম্বৰত উত্তৰাখণ্ডত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনা ফলত সুৰংগ পথৰ ভিতৰত আবদ্ধ হৈ পৰিছিল প্ৰায় ৪০ গৰাকীকৈ শ্ৰমিক। ভয়ংকৰ ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ ভিতৰত অসমৰো ২জন লোক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে(Uttarkashi Tunnel Rescue Operation Day 5: ) ।

বৰ্তমানেও সুৰংগ পথৰ ভিতৰত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে প্ৰশাসনে প্ৰচেষ্টা অব্যাহত ৰাখিছে । তাৰ অংশস্বৰূপে সুৰংগটোত গধুৰ ড্ৰিলিং মেচিনৰ জৰিয়তে যুদ্ধকালীনভাৱে উদ্ধাৰৰ প্ৰচেষ্টা চলোৱা হৈছে ।

উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাত যমুনোত্ৰীলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ যাত্ৰাৰ সময় হ্ৰাস আৰু সহজ কৰি তুলিবলৈ এই সুৰংগটো নিৰ্মাণ কৰি থকা হৈছে । চিল্কিয়াৰাত নিৰ্মাণ কৰা সুৰংগটোৱে ধাৰাচুৰ পৰা যমুনোত্ৰীলৈ দূৰত্ব ২৬ কিলোমিটাৰ হ্ৰাস কৰিব । এই সুৰংগটো ব্ৰহ্মখাল আৰু যমুনোত্ৰী ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত চিল্কিয়াৰা আৰু দানদাল গাঁৱৰ মাজত নিৰ্মাণ কৰা হৈছে(Uttarkashi Tunnel Rescue Operation ) ।

প্ৰাপ্ত তথ্য অনুসৰি সুৰংগ পথৰ ভিতৰত আবদ্ধ হৈ থকা লোকসকল ক্ৰমে চিল্কিয়াৰাৰ সুৰংগটোত ঝাৰখণ্ডৰ সৰ্বাধিক ১৫ জন শ্ৰমিক,উত্তৰ প্ৰদেশৰ ৮ জন আৰু ওড়িশাৰ ৫ জন শ্ৰমিক, বিহাৰৰ ৪ জন, পশ্চিমবংগৰ ৩ জন, অসম আৰু উত্তৰাখণ্ডৰ ২ জনকৈ আৰু হিমাচল প্ৰদেশৰ এজন শ্ৰমিক(Uttarakhand tunnel collapse) ।

এই ভয়ংকৰ ঘটনাৰ পিছতে উত্তৰাখণ্ড চৰকাৰে অব্যাহত ৰাখিছে উদ্ধাৰৰ অভিযান লগতে উদ্ধাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও সহযোগিতা আগবঢ়াইছে ।

বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড, এনডিআৰএফ, এছডিআৰএফ, আইটিবিপি, বিআৰঅ’ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । জানিব পৰা মতে, এই দলবোৰত ২০০ ৰো অধিক লোকে ২৪ ঘণ্টাই দিনে ৰাতিয়ে কাম কৰি আছে । এই ভয়ংকৰ ভূমিস্খলনৰ পিছতে এতিয়ালৈকে সুৰংগটোত ৬ বাৰকৈ ভূমিস্খলন হৈছে । যাৰ বাবে উদ্ধাৰ অভিযান কঠিন হৈ পৰিছে । এতিয়ালৈকে, ড্ৰিলিং কৰা মেচিনৰ পৰিসৰ ৪৫ মিটাৰ আছিল । সেয়েহে গধুৰ মেচিনটো দিল্লীৰ পৰা হাৰকিউলিছ বিমানৰ জৰিয়তে অনা হৈছে ।

লগতে পঢ়ক : IDF finds evidence Hamas hid weapons in Gaza hospital : আইডিএফৰ দাবী, গাজাৰ চিকিৎসালয়ত হামাছৰ অস্ত্ৰৰ সন্ধান পোৱা গৈছে