Dead Body Recovered :শৌচাগাৰৰ টেংকিত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ, আটক এজন

ছিপাঝাৰ, ১৬ নৱেম্বৰ : দৰঙৰ বানেইকুছিৰ শৌচালয়ৰ টেংকিত মৃতদেহ উদ্ধাৰৰ ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে এজন অভিযুক্তক ।আৰক্ষীয়ে আটক কৰা লোকজনক হিতেশ কলিতা বুলি জানিব পৰা গৈছে(Dead Body Recovered) ।
নিৰাপত্তা বেষ্টনীৰ মাজত বৃহস্পতিবাৰে আটকাধীন হিতেশ কলিতাক ছিপাঝাৰ থানাত হাজিৰ কৰালে আৰক্ষীয়ে।
জানিব পৰা মতে হিতেশ কলিতাৰ ঘৰ বানেইকুছিত কিন্তু কৰ্মসূত্ৰে তেওঁ গুৱাহাটী থাকে(Mangaldoi Murder Case Arrested One)।
উল্লেখযোগ্য যে, বুধবাৰে দৰঙত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনাৰ । বুধবাৰে দৰং জিলাৰ ছিপাঝাৰৰ বানেকুছি গাঁৱত উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ মৃতদেহ । শৌচাগাৰৰ টেংকিত অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল মৃতদেহটো । বস্তাৰে মেৰিয়াই থোৱা অৱস্থাত(Dead Body Recovered in Sipajhar) কিশোৰ কলিতা নামৰ লোকজনৰ ঘৰৰ শৌচালয়ৰ টেংকিৰ পৰা বস্তাৰে মেৰিয়াই পেলাই থোৱা অৱস্থাত উদ্ধাৰ হৈছিল যুৱতীৰ মৃতদেহটো । ইতিমধ্যে মৃতদেহটো নলবাৰীৰ জামেনী বৈশ্য বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক : Dead Dody Recovered in Sipajhar : ছিপাঝাৰত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহ