Youth rescued in Guwahati : মহানগৰীত উদ্ধাৰ উত্তৰ প্ৰদেশৰ নিৰুদ্দিষ্ট যুৱক

নিউজ ডেস্ক,২৪ছেপ্টেম্বৰ : অসমত উদ্ধাৰ উত্তৰ প্ৰদেশৰ নিৰুদ্দিষ্ট যুৱক(Youth rescued in Guwahati)
। উত্তৰ প্ৰদেশ আৰক্ষীৰ আৰু মহানগৰ আৰক্ষীৰ যুতীয়া অভিযানত উদ্ধাৰ হয় য়ুৱকজন । জানিব পৰা মতে নিৰুদ্দিষ্ট যুৱকজন মহানগৰীৰ সাতগাঁওস্থিত প্রগতি নগৰৰ সাত নং উপ-পথৰ এটা বাসগৃহৰ পৰা উদ্ধাৰ কৰা হয় । উদ্ধাৰ হোৱা যুৱকজন মহচিন আলম বুলি চিনাক্ত কৰা হৈছে(Uttar Pradesh youth rescued in Guwahati) ।
সূত্ৰটোৱে জনোৱা মতে, মহচিন আলম নামৰ যুৱকজনে যোৱা ১৫ ছেপ্টেম্বৰত নিজৰ ঘৰৰ পৰা প্ৰায় ২০ লাখ টকাৰ সোণৰ আ-অলংকাৰ চুৰি কৰি ৰহস্যজনকভাৱে অন্তৰ্ধান হৈছিল । ইয়াৰ পিছতে যুৱকজনে গুৱাহাটীলৈ আহি প্ৰথমে ১ লাখ ১০ হাজাৰ টকাৰ এখন ৰয়েল এনফিল্ড মটৰ চাইকেল ক্রয় কৰাৰ লগতে সাতগাঁৱৰ প্ৰগতি নগৰত থাকিবলৈ লয়(Uttar Pradesh youth rescued in Guwahati) ।
ইফালে ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে এজাহাৰ দিয়ে । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত উত্তৰ প্ৰদেশ আৰক্ষীয়ে ম’বাইল লোকেচনৰ সহায়ত গুৱাহাটীত যুৱকজনৰ উপস্থিতি নিশ্চিত কৰে । ইয়াৰ পিছতে মহানগৰ আৰক্ষীৰ সহযোগত অভিযান চলাই নিখোঁজ হৈ থকা যুৱকজনক শনিবাৰে উদ্ধাৰ কৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে । যুৱকজনৰ পৰা আৰক্ষীয়ে সোণৰ আ-অলংকাৰসহ AS-01DK-3491 নম্বৰৰ ৰয়েল এনফিল্ডখন জব্দ কৰে(Missing youth rescued) ।
উল্লেখ্য যে, বহিঃৰাজ্যৰ পৰা সঘনাই অসমলৈ যুৱক অহা পৰিলক্ষিত হয় বহিঃৰাজ্যৰ পৰা অহা যুৱকে বিভিন্ন সময়ত অসমৰ চুকে কোণে ভিন্ন সময়ত অপৰাধজনিত ঘটনা সংঘটিত কৰি অহাৰ পৰিলক্ষিত হয় । এনে অপৰাধ সংঘটিত কৰি আৰক্ষীৰ জালতো পৰিছে বহিঃৰাজ্যৰ বহু যুৱক । পুনৰ উত্তৰ প্ৰদেশৰ এই যুৱকজনক উদ্ধাৰ কৰাক লৈ চিন্তিত হৈ পৰিছে সচেতন মহল ।
লগতে পঢ়ক :Government has waived microfinance loans : ৩ লাখ মহিলাৰ বাবে মাইক্ৰ’ফাইন্যেন্সৰ ঋণ ৰেহাই দিলে চৰকাৰে