Local, Vocal, Global

Benefits of Dates : খেজুৰৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ? আঁহক আজি আমি খেজুৰৰ উপকাৰিতাৰ বিষয়ে জানো

খেজুৰ এবিধ আমাৰ সকলোৰে চিনাকি ফল ৷ খেজুৰ এনে এবিধ ফল য’ত আমাৰ শৰীৰৰ বাবে লাগতিয়াল প্ৰায় সকলো উপাদান আছে ৷ খেজুৰ আৰৱৰ জনপ্ৰিয় ফল ৷ পৃথিৱীৰ সকলো দেশতে খেজুৰৰ গছ দেখা যায় যদিও আৰৱ, ইৰাক ইটালী আদি অঞ্চলত এই ফল অধিক হোৱা দেখা যায়(Health Benefits of Dates) ৷

দেশভেদে খেজুৰৰ গছৰ প্ৰকাৰো বেলেগ বেলেগ দেখা যায় ৷ ভাৰতৰ জলবায়ুত খেজুৰ উৎপাদন বেছি ভাল নহয়৷ খেজুৰ গছৰ পৰা খেজুৰ ৰসো উলিওৱা হয়, যি অতি সুস্বাদু ৷ এই ৰসেৰে বিভিন্ন ধৰণৰ মিঠাই বনোৱা হয় আৰু মিঠাই পিঠাৰে, মুৰিৰে খোৱা হয় ৷ এই ৰসেৰে খেজুৰ গুৰ তৈয়াৰ কৰা হয় ৷ খেজুৰ গুৰৰ পায়স , পিঠা আৰু ৰসগোল্লা বনোৱা হয়। গৰমৰ দিনত জুতিলগা খেজুৰৰ তাৰি দুগিলাছ খালে শৰীৰৰ ভাগৰ আতৰি যায়(Benefits of Dates) ।

খেজুৰ স্বাস্থ্যৰ উপকাৰী শুকান ফল। খেজুৰ খালে শাৰীৰিক উৎকৰ্ষ সাধনৰ উপৰিও সৌন্দৰ্য বৃদ্ধি হয়। খেজুৰত আছে আঁহ, ছডিয়াম,পানী, প্ৰটিন,জিংক,ফলিকএচিড, ভিটামিন-এ, ভিটামিন-বি কমপ্লেক্স, ভিটামিন-কে, মেগনেছিয়াম, পেন্টোথেনিক এচিড, কাৰ্বহাইড্ৰেত, কেলছিয়াম, আইৰণ আদি।

খেজুৰ আমাৰ বাবে যথেষ্ট উপকাৰী। আহক আজি আমি খেজুৰৰ উপকাৰিতাৰ বিষয়ে জানো

১. খেজুৰ নিয়মীয়া খাদ্য হিচাপে ব্যৱহাৰ কৰিলে ওজন কমাত সহায় কৰে ৷

২.খেজুৰত অধিক মাত্ৰাত থকা প্ৰ’টিনে শৰীৰৰ মাংসপেশী মজবুত কৰাত সহায় কৰে৷ যাৰ বাবে জিম যোৱা লোকক খেজুৰ খাবলৈ কোৱা হয় ৷

৩.খেজুৰ প্ৰচুৰ পৰিমাণে b1, b2, b3, b5 ৰ লগত ভিটামিন A আৰু C পোৱা যায় ৷

৪ খেজুৰ সেৱন কৰিলে শৰীৰত প্ৰয়োজন হোৱা গ্লুক’জ, চুক্ৰ’জ, ফ্ৰক্ট’জৰ পৰিমাণ বৃদ্ধি হয় ৷

৫. মানুহৰ শৰীৰৰ হাড় শক্তিশালী তথা মজবুত কৰি তোলাত সহায় কৰে৷ খেজুৰত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য থকা বাবে হাড় আৰু মাংস পেশী মজবুত কৰে। খেজুৰত থকা কেলছিয়ামে দাঁত আৰু শৰীৰৰ হাড়বোৰ মজবুত কৰে বাবে অষ্টিঅ আৰ্থাইটিচ নামৰ বাতবিষ সহজে নহয়।

৬. পুৱা খালী পেটত এগিলাচ পানীৰ লগত খেজুৰক নিয়মিয়াকৈ সেৱন কৰিলে শৰীৰ সুস্থ আৰু সতেজ হয় ৷

৭.ডায়েবেটিচ ৰোগীয়ে কুঁহিয়াৰৰ পৰা উৎপাদিত চুগাৰ কাৰ্বহাইড্ৰেত বা চেনী খোৱাত বাধা থকা বাবে শক্তি আহৰণৰ হেতু খেজুৰ দিনে ২-৩ টা খাব পাৰে।

৮.খেজুৰ খালে কোষ্ঠ কাঠিন্য আতৰ হয়। ৰাতি এগিলাচ গৰম পানীত কেটামান খেজুৰ ডুবাই ৰাখি ৰাতিপুৱা পানীখিনি খালে শৌচ-পেচাব
খোলোচা হয়।

৯. খেজুৰত ভিটামিন-এ থাকে, সেয়েহে খেজুৰ খালে দৃষ্টিশক্তি বৃদ্ধি হয়।

১০. গৰ্ভৱতী মহিলাই খেজুৰ খোৱাটো অত্যাৱশ্যকীয়। খেজুৰত আইৰণ থকা বাবে গৰ্ভৱতীৰ ৰক্তহীনতা নহয়। ভিটামিন-কে থকা বাবে প্ৰসৱৰ সময়ত ৰক্তক্ষৰণ কমকৈ হয় , প্ৰসৱ বেদনা কমকৈ হোৱা বাবে সহজে সন্তান প্ৰসৱ কৰিব পাৰে।

লগতে পঢ়ক :Benefits of Raisins : কিচমিচ খোৱাৰ এই উপায়ৰ বিষয়ে জ্ঞাতনে আপুনি ?