ট্ৰাম্প আৰু বিডেন দুয়োৰে দাবী ‘মই জিকিছো’
আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোগ গণনা চলি আছে। এতিয়ালৈকে ওলোৱা ফলাফলত ট্ৰাম্প আৰু বিডেনৰ মাজত চলি আছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা। তাৰ মাজতে দুয়োজনে কৰিছে নিজৰ জয়ৰ দাবী। কিন্তু এতিয়ালৈকে কোনো এজনেও জয়ৰ বাবে প্ৰয়োজনীয় ২৭০টা ইলেক্ট’ৰেল ভোট পাবলৈ সক্ষম হোৱা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাসত এনে পৰিস্থিতি বহু দশকৰ মূৰত উদ্ভৱ হৈছে। ভোট গণনা বিলম্বিত হোৱাৰ কাৰণ হৈছে বৃহৎ মাত্ৰাৰ পোষ্টেল ভোট। পোষ্টেল বেলটৰ গণনাত অধিক সময় দিয়া হৈছে। ভোটগ্ৰহণ কেন্দ্ৰত ইলেক্ট্ৰ’নিক উপায়েৰে সংগ্ৰহ কৰা ভোটৰ গণনা শেষ হৈছে। কিন্তু চলি আছে পোষ্টেল বেলটৰ গণনা। অৱশ্যে এইপৰ্যন্ত প্ৰকাশ পোৱা ফলাফলত ট্ৰাম্পতকৈ সামান্য আগবাঢ়ি আছে জ’ বিডেন। ৫৩৮টা ইলেক্ট’ৰেল ভোটৰ ভিতৰত ফক্স নিউজৰ মতে বিডেনে লাভ কৰিছে ২৩৮টা আৰু ট্ৰাম্পে লাভ কৰিছে ২১৩টা ভোট।