Local, Vocal, Global

ৰাজ্য সমূহলৈ জৰুৰী নিৰ্দেশ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণৰ

নিউজ ডেস্ক,২০ মাৰ্চঃ শেহতীয়াকৈ চীনত ক’ভিডে ভয়ংকৰ ৰূপ চানি ধৰিছে। ক’ভিডৰ অমিক্ৰণৰ নতুন ভেৰিয়েণ্টে চীনৰ হংকং, দক্ষিণ কোৰিয়াত ত্ৰাসৰ সৃষ্টি কৰিছে।

ক’ৰণাৰ উৎস চীনৰ লগতে বিশ্বৰ কেইবাখনো দেশত নতুনকৈ ক’ভিডে আতংকৰসৃষ্টি কৰিছে। হংকঙত এসপ্তাহতে ১০ লাখৰো অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে।

ক’ভিডৰ এই শক্তিশালী ভেৰিয়েণ্টে ভাৰততো ক’ভিডৰ চতুৰ্থ ঢৌ সূচনা কৰাৰ আশংকা কৰি সতৰ্ক হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়।

ক’ভিডৰ চতুৰ্থ ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সাজু থকাৰ লগতে ক’ভিড টেষ্টৰ হাৰ বৃদ্ধি কৰি প্ৰয়োজন সাপেক্ষে পুনৰ ক’ভিড বিধি বলবৎ কৰিবলৈয়ো ৰাজ্যৰ প্ৰতিখন মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে।

ইপিনে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি হোৱাত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৰাজ্যসমূহৰ মুখ্য সচিবসকলৰ সৈতে এখন বৈঠকতো মিলিত হয়। অৱশ্যে ক’ভিড বিধি বলবৎ কৰোতে আৰ্থিক আৰু সামাজিক দিশৰ প্ৰতি গুৰুত্ব দিবলৈয়ো মুখ্য সচিবসকলক আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে।