Local, Vocal, Global

UPSC ৰ CAPF পৰীক্ষাত স্থান দখলেৰে উজলিলে অসমৰ ৰাতুল আৰু নেহা

নিউজ ডেস্কঃ সৰ্বভাৰতীয় পৰ্যায়ত উজলিল অসমৰ দুই সন্তান। কেন্দ্রীয় লোকসেৱা আয়োগৰ অধীনস্থ কেন্দ্রীয় সশস্ত্র আৰক্ষী বাহিনী চমুকৈ CAPF (ACs) ৰ পৰীক্ষাত স্থান দখল কৰি অসমবাসীলৈ সুখবৰ কঢ়িয়াই আনিলে পাঠশালাৰ ৰাতুল ৰয় আৰু তেজপুৰৰ নেহা বৰা।

তেজপুৰৰ যুৱতী নেহা বৰাই ৫২ সংখ্যক স্থান দখল কৰাৰ বিপৰীতে ৰাতুলে সৰ্বভাৰতীয় পৰ্যায়ত ১৭৭ সংখ্যক স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই ফলাফলক লৈ অত্যন্ত সুখী ৰাতুল ৰয়। ধৈর্য আৰু নিষ্ঠা থাকিলে এই পৰীক্ষাত সকলোৱে উত্তীর্ণ হ’ব পাৰিব বুলিও প্ৰকাশ কৰিছে ৰাতুলে। বৰ্তমান এপি এছ চি পৰীক্ষাৰ মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে ৰাতুলে।

আনহাতে, ২০২০ চনৰ কেন্দ্রীয় সামৰিক আৰক্ষী বাহিনীৰ সহকাৰী অধিনায়কৰ চূড়ান্ত পৰীক্ষাত তেজপুৰৰ নেহা বৰাই ৫২ নম্বৰ স্থান দখল কৰি তেজপুৰ তথা অসমক সৰ্বভাৰতীয় পৰ্যায়ত জিলিকাবলৈ সক্ষম হয়। কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF), BSF, CISF, SSB অথবা অসম ৰাইফলছৰ দৰে অৰ্দ্ধ সামৰিক বাহিনীত সহকাৰী অধিনায়ক পদত যোগদান কৰিব পাৰিব। সম্প্ৰতি নতুন দিল্লীত থকা নেহাই ফলাফল লাভ কৰাৰ পিছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তাই এই ফলাফল লাভ কৰি যথেষ্ট গৌৰৱ অনুভৱ কৰিছে।

বিগত ৫-৬ বছৰৰ পৰা নেহাই এই পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰাৰ লগতে পৰীক্ষাত অৱতীৰ্ণও হৈছিল। কিন্তু সফল হ’ব পৰা নাছিল। ইয়াৰোপৰি, এই সেৱাত মনোনিৱেশ কৰিবলৈ সৰুৰে পৰা এই সেৱাত জড়িত পিতৃ-মাতৃৰ পৰা উৎসাহ পাইছিল বুলিও প্ৰকাশ কৰে। তাৰোপৰি, পৰৱৰ্তী সময়ত এই পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া প্ৰাৰ্থীসকলে মনৰ দৃঢ়তা ৰাখি আগুৱাই যাবলৈ শুভেচ্ছা জ্ঞাপন কৰে নেহাই।