কোৰোণাত আক্ৰান্ত হৈ মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্মীকান্ত শৰ্মাৰ মৃত্যু হয়

কোৰোণাত আক্ৰান্ত হৈ মধ্য প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী লক্ষ্মীকান্ত শৰ্মাৰ মৃত্যু হয় । ১২ মে’ত ভূপালৰ চিৰায়ু হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। স্বাস্থ্য সংকটজনক হোৱাত সোমবাৰে দুপৰীয়া এয়াৰ এম্বুলেঞ্চেৰে চেন্নাইলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল, যদিও তাৰ পূৰ্বেই মৃত্যুক সাবটি লব লগা হয় প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।উল্লেখযোগ্য যে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ নাম ব্যাপক কেলেংকাৰীৰ বাবে চৰ্চালৈ আহিছিল।মৃত্যুৰ সময়ত বয়স আছিল ৬০ বছৰ।১৯৯৩ চনত প্ৰথমবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।তাৰ পিছত ১৯৯৮, ২০০৩, ২০০৮ত ছিৰোঞ্জ বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। ব্যাপক কেলেংকাৰীৰ বাবে ২০১৮ চনত বিজেপিয়ে তেওঁক প্ৰাৰ্থিত্ব নিদিলে।