শিৱসাগৰ পৌৰসভাৰ ১০ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উপমা বৰাৰ মৃত্যু…

শিৱসাগৰ জিলাৰ বিজেপি দলৰ জনপ্ৰিয় নেত্ৰী তথা শিৱসাগৰ পৌৰসভা ৱাৰ্ড কমিচনাৰ উপমা বৰাৰ( ৪৪) দেওবাৰে নিশা প্ৰগতি নাৰ্ছিং হোমত শেষ নিশ্বাস ত্যাগ কৰে ৷অকাল বিয়োগ ঘটা উপমা বৰা বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল আৰু দেওবাৰ আকস্মিক মৃত্যুক আকোঁৱালি লয়।
নাৰ্ছিং হোমৰ চিকিৎসকৰ চুড়ান্ত অৱহেলা আৰু ভুল চিকিৎসাৰ বাবেই শিৱসাগৰ জিলা বিজেপি দলৰ জনপ্ৰিয় নেত্ৰী তথা শিৱসাগৰ পৌৰসভা ৱাৰ্ড কমিচনাৰ উপমা বৰাৰ মৃত্যুৰ অভিযোগ। অভিযোগ পিছতেই নিশা নাৰ্চিং হোম খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী নিষ্ঠাৱান সেৱক ৰূপে বৰাই জিলাখনত ৰাজহুৱা জীৱনৰ মাজেৰে বহুখিনি অৱদান আগবঢ়াইছিল।হাঁহি মুখেই দলীয় কাম কাজত সদা ব্যস্ত জনপ্ৰিয় নেত্ৰী গৰাকীৰ মৃত্যুৰ পিছতেই ক্ষোভিত আত্মীয় স্বৰ্জনে পৰিৱেশ উত্তপ্ত কৰি তুলাৰ লগতে ন্যায় বিচাৰি নাৰ্চিং হোম কৰ্তৃপক্ষক জৱাবদিহি কৰে ৷
প্ৰাপ্ত বাতৰি অনুসৰি ৱাৰ্ড কমিচনাৰ উপমা বৰাই চাৰিদিনৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শত ক্ৰমে প্ৰগতি নাৰ্চিং হোমত ভৰ্তি হৈছিল ৷ পূৰ্বৰে পৰা বহুমুত্ৰ ৰোগত আক্ৰান্ত উপমা বৰাৰ চুগাৰৰ পৰিমাণ সঘনাই তাৰতম্য হোৱাৰ লগতে জ্বৰৰ পৰা উপশম পোৱা নাছিল ৷এই সন্দৰ্ভত নাৰ্চিং হোমখনৰ জেষ্ঠ চিকিৎসক গৰাকীক অৱগত কৰাৰ লগতে ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে যাব বিচাৰিছিল যদিও চিকিৎসক গৰাকীয়ে নাৰ্ছিং হোমতেই এই ৰোগৰ চিকিৎসা সম্ভৱ বুলি কয় চিকিৎসা চলাই গৈছিল ৷ ইফালে কৰ্তব্যৰত একাংশ নাৰ্চে চিকিৎসা প্ৰদানৰ জ্ঞান নথকাৰো অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷
দেওবাৰে উপমা বৰাৰ স্বাস্থ্য অৱনতি ঘটাত পৰিয়ালৰ লোকে চিকিৎসক গৰাকীৰ সৈতে ফোনযোগে যোগাযোগৰ চেষ্টা চলাই যদিও চিকিৎসক জনে ফোন ৰিচিভ নকৰে ৷চিকিৎসকৰ চুড়ান্ত অৱহেলা, ভুল চিকিৎসাৰ বাবেই নিশা উপমা বৰাৰ মৃত্যু হয় বুলি স্বামী ত্ৰিদিব বৰাই অভিযোগ উত্থাপন কৰে।