নিজ কন্যাক সংগম কৰিছিল পৰাশৰ মুনিয়ে !

ডিজিটেল ডেস্কঃ-নিজ কন্যাৰ লগত যৌন সংগম কৰা এজন ঋষিৰ প্ৰেম কাহিনী।
দ্বাপৰ যুগত এনেকুৱা এজন ঋষি আছিল যি নিজৰ পুত্ৰীৰ লগতেই সহবাস কৰিছিল । আহক ইয়াৰ অন্তৰালত থকা প্ৰকৃত কাহিনী কি জানি লওঁ
পৌৰাণিক কালৰ এজন ঋষি । তেওঁৰ নাম আছিল পৰাশৰ। তেঁওৰ নিজ পিতৃক ৰাক্ষসে বহুত নিৰ্মম ভাৱে হত্যা কৰিছিল এই কথা ঋষি মুনিয়ে জানি অসুৰ সকলক ওপৰত প্ৰতিশোধ লবলৈ গভীৰ আশাৰে সুযোগৰ অনুসন্ধানত বাট চাই ৰৈছিল।
তেঁও এই কথাত অটল হৈ সাধনা কৰিবৰ বাবে অৰণ্যলৈ ৰাওনা হৈছিল । তেনেতে তেঁওৰ পত্নীয়ে ঋষি মুনিক ক’লে যে, হে মহান স্বামী আপুনি যদি অৰণ্যলৈ আগমন কৰে ইয়াত মোৰ অৱস্থা অতি দোষ জনক হ’ব ইয়াত মই অকলে কি কৰিম। তেতিয়া ঋষিয়ে কৈছিল , তোমাক যি কথাই অতিকৈ আমনি কৰিছে সেই বিষয়ে ইতিমধ্যে মই জানিব পাৰিছো ।
তাৰ পিছত ঋষি মুণিয়ে ক’লে যে মই অৰণ্যলৈ যোৱাৰ পাছত তোমাৰ বাবে কোনো ব্যক্তিৰ হাতত মোৰ শুক্রানু পঠাই দিম তুমি গৰ্ভৱতী হব পাৰিবা।
এইসমূহ কোৱাৰ পিছতেই ঋষি মুনিয়ে নিজৰ সিদ্ধি প্ৰাপ্ত কৰিবলৈ অৰণ্যলৈ আগমণ কৰিলে।
বহুত বছৰ অতিক্ৰম কৰাৰ পিছত হঠাৎ ঋষি মুনিৰ মনলৈ আহিল তেঁও পত্নীক প্ৰতিশ্ৰুতি দিয়াৰ কথা আৰু তেতিয়াই ঋষি মুনীয়ে এখিলা আহত পাতত নিজৰ শুক্ৰানু এটা কুমাৰৰ জৰিয়তেই পঠিয়াই দিলে।
যেতিয়াই সেই শুক্ৰানু ভৰা পাত আগবাঢ়িল তেতিয়াই এটা বাঘে দেখা পাই তাৰ ওপৰত আক্ৰমণ কৰি দিয়ে আৰু তেতিয়া আহত পাত গৈ নদীত পৰে। পানীত পৰি যোৱা সেই শুক্ৰানু এজনী মাছে খাদ্য বুলি ভাবি গিলি দিয়ে যাৰ বাবে সেই মাছ জনী গৰ্ভৱতী হৈ পৰে।
ইয়াৰ পিছতেই সেই মাছ জনী এদিন এটা মাছ মৰীয়াৰ জালত পৰিল যেতিয়াই মাছ মৰিয়াই সেই মাছ জনীৰ পেট কাটে তেতিয়া তাৰ পৰা এজনী ছোৱালী ওলায়। সেই নাৰী মাছৰ পেটৰ পৰা জন্ম হোৱাৰ বাবেই তাইৰ গা মাছৰ গোন্ধই মলমলাই আছিল সেইবাবে সেই মাছ মৰিয়া জনে তাইৰ নাম ৰাখিলে মৎস্যাগন্ধা।
কিছুদিন পাৰ হ’ল ঋষিমুনিৰ তপস্যা শেষ হোৱাৰ পাছত তেওঁ ঘৰলৈ বুলি গমন কৰিলে কিন্তু যমুনা নদী পাৰ হ’বলৈ তেওঁক এজন মাছ মৰিয়াৰ প্ৰয়োজন হ’ল! ঋষি মুনি গৈ সেইজন মাছ মৰিয়াৰ লগ হ’ল যি তেঁওৰ পুত্ৰীৰ লালন পালন কৰি আছিল।
সেই সময়ত মাছ মৰীয়াই ভোজন কৰি আছিল সেইবাবে তেওঁ পালিত কন্যা মৎস্যাগন্ধাক মুনিক নদী পাৰ কৰি দিবলৈ কয়।
পিতৃৰ আদেশত মৎস্যগন্ধাই ঋষি মুনিক নাৱত বহুৱাই নদী পাৰ কৰিবলৈও লাগিলে।
সেই সময়তে ঋষি মুনিৰ মৎস্যা গন্ধাৰ সৌন্দৰ্যত মোহিত হৈ তেঁওৰ লগত শাৰিৰীক সম্পৰ্ক স্থাপনৰ বাবে ইচ্ছা প্ৰকাশ কৰিলে।
তেতিয়া ঋষি মুনিয়ে কন্যাক ক’লে যে মই তোমাৰ শাৰিৰীক সৌন্দৰ্যত অতিকৈ মোহিত হৈ পৰিচো। তোমাৰ সৌন্দৰ্য্যৰ সুবাসে মোক হাত বাউল দি মাতিছে সেয়েহে মই তোমাৰ লগত শাৰিৰীক সম্পৰ্ক স্থাপন কৰিব বিচাৰোঁ।
তেতিয়া মৎস্যগন্ধাই কয় যে মই বিবাহৰ পূৰ্বে পৰপুৰুষৰ লগত কোনো সম্পৰ্ক নকৰোঁ এনে কৰাটো এক মহাপাপ।
কিন্তু ঋষি মুণিয়ে কৰা বাৰ বাৰ অনুৰোধত কন্যা মান্তি হল যদিওঁ তেঁওৰ ওচৰত তিনিটা চৰ্ত ৰাখিলে!
প্ৰথম চৰ্ত আছিল যে – মোৰ লগত শাৰীৰিক সম্বন্ধ কৰা যাতে কোনেও দেখা নাপায়। সেই কথা শুনি ঋষিয়েই যমুনা নদীৰ মধ্যত এক কৃতিম দ্বীপৰ নিৰ্মান কৰি দিলে!
দ্বিতীয় চৰ্ত আছিল- মোৰ কুমাৰিত্ব কেতিয়াও যাতে ভংগ নহয় । তেতিয়া ঋষিয়ে কৈছিল যে তুমি সন্তান প্ৰসৱ কৰাৰ পিছত পুনৰ কুমাৰী হৈ পৰিবা।
তৃতীয় চৰ্ত আছিল- যে মোৰ শৰীৰৰ পৰা এই মৎস্যৰ দূৰ্গন্ধ এক সুগন্ধিলৈ ৰূপান্তৰিত হৈ যায় যাতে দুৰৰ পৰাই সকলো মোৰ সুগন্ধিত মুগ্ধ হয়। তেতিয়া ঋষি মুনিয়ে কন্যাৰ দুৰ্গন্ধ সুগন্ধিলৈ ৰূপান্তৰিত কৰিলে।
এনেকৈ সকলো চৰ্ত পূৰণ হোৱাৰ পিছত ঋষি মুণীয়ে কন্যাৰ লগত প্ৰেমৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰে।
এই সম্বন্ধৰ পিছত মৎস্যগন্ধাৰ ৯ মাহৰ পিছত এক পুত্ৰ সন্তানৰ জন্ম হয় যাৰ নাম আছিল কৃষ্ণ দ্বাপায়ন তেওঁৱেই পিছলৈ মহৰ্ষি বেদব্যাস হৈছিল।
সেই মৎস্য গন্ধা পিছলৈ গৈ হস্তিনা পুৰৰ নৰেশ শান্তনু ৰজাৰ ৰাণী হৈছিল যাক পিছত সত্যৱতী নামেৰে জনা গৈছিল।