Local, Vocal, Global

UP Mass Murder: মাতৃ-পত্নীসহ দুই কন্যা সন্তানক হাতুৰীৰে মৰিয়াই মৰিয়াই হত্যা

নেশ্যনেল ডেস্ক,১১মে’ : লোমহৰ্ষক! ভয়ংকৰ ! কিমান নিষ্ঠুৰ হ’লে এজন লোকে হত্যা কৰিব পাৰে নিজৰ মাতৃ, সন্তান আৰু পত্নীক । হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।

কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে।

উত্তৰ প্ৰদেশৰ সীতাপুৰ জিলাৰ ৰামপুৰ মথুৰা থানাৰ অন্তৰ্গত বালামৌ গাঁৱত সংঘটিত হৈছে এক গাৰ নোম শিয়ৰি উঠা ঘটনা।

জানিব পৰা মতে,উত্তৰ প্ৰদেশত এজন লোকে একেলগে পৰিয়ালৰ ৬ জনকৈ লোকক হত্যা কৰে। ঘটনা অনুসৰি এজন লোকে নিজৰ মাতৃ-পত্নীসহ নিজৰ ৩ সন্তানক হাতুৰীৰে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰে। পৰিয়ালৰ ৫ জনকৈ সদস্যক হত্যা কৰি লোকজনে নিজেও গ্ৰহণ কৰে চৰম পথ। শনিবাৰে পুৱা ৫ বজাতে সংঘটিত হৈছে এই জঘন্য ঘটনাটো। ইতিমধ্যে এইসন্দৰ্ভত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।এই ভংয়কৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে(UP man shoots mother, attacks wife with hammer, throws children off roof)।

আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত একেটা পৰিয়ালৰ ৬জন লোকৰ মৃত্যু হৈছে। ইয়াত এজন লোকে প্ৰথমে নিজৰ পৰিয়ালৰ ৫ জন সদস্যক হত্যা কৰে। ইয়াৰ পিছত তেওঁ নিজেই চৰম সিদ্ধান্ত লয়। মৃত আটাইকেইজনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰিছে আৰক্ষীয়ে। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। একে সময়তে আৰক্ষীয়ে এই ৰহস্যজনক ঘটনাৰ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। অৱশ্যে এই পৰ্যন্ত এই ঘটনাৰ আঁৰৰ কাৰণ জানিব পৰা হোৱা নাই(Man Shoots Dead Mother, Wife, Three Children Before Killing Himself in Uttar Pradesh)।

লগতে পঢ়ক : Tragic Accident in Rangia : অচিনাক্ত বাহনৰ খুন্দা আহত বাইক আৰোহী