Local, Vocal, Global

Flooding Kills Dozens in Afghanistan : ভয়ংকৰ বানৰ কৱলত উত্তৰ আফগানিস্তান;নিহত মহিলা,শিশুসহ ৫০গৰাকী

ইণ্টাৰনেশ্যনেল ডেস্ক,১১মে’ : ভয়ংকৰ বানৰ কৱলত উত্তৰ আফগানিস্তানত । বিগত কেইদিনত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত আফগানিস্তানত প্ৰকৃতে লয় ভয়ংকৰ ৰূপ(Flooding Kills Dozens in Afghanistan) ।

জানিব পৰা মতে,শুকুৰবাৰে উত্তৰ আফগানিস্তানত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত বানে ভয়ংকৰ ৰূপ লয় যাৰ ফলত মহিলা, শিশুসহ নিহত হয় ৫০গৰাকীৰ। ধ্বংসাৱশেষত আৱদ্ধ হৈ পৰে বহু লোক(Flash floods kill 50 in one day in north Afghanistan) ।

এই ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ বাঘলানৰ এজন দুৰ্যোগ ব্যৱস্থাপনা বিষয়াই জনোৱা অনুসৰি উত্তৰ আফগানিস্তানত প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ লয় আৰু প্ৰচণ্ড বৰষুণৰ ফলত বানপানীৰ সৃষ্টি হয় যাৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।”

শুকুৰবাৰে সন্ধিয়া এএফপিক জনোৱা অনুসৰি, জৰুৰীকালীন কৰ্মীসকলে “ৰাষ্ট্ৰীয় সেনা আৰু আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ সহায়ত ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা লোকসকলৰ সন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : UP Mass Murder: মাতৃ-পত্নীসহ দুই কন্যা সন্তানক হাতুৰীৰে মৰিয়াই মৰিয়াই হত্যা