Local, Vocal, Global

UP cop in trouble : ৫০০ টকীয়া নোটৰ ২৭টা বাণ্ডিলৰ সৈতে পৰিয়ালৰ চেলফি, সংকটত আৰক্ষী বিষয়া

নেশ্যনেল ডেস্ক, ৩০ জুন : উত্তৰ প্ৰদেশৰ উন্নাওত পত্নী আৰু সন্তানে ৫০০ টকীয়া নোটৰ ২৭টা বাণ্ডিলৰ সৈতে তোলা চেলফি ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছতে বিপদত পৰিছে এজন আৰক্ষী বিষয়া(UP cop in trouble)।

আজিকালি চেলফি লোৱাটো এক নিচাত পৰিণত হৈছে(UP cop in trouble) । কিন্তু, কোনে জানিছিল যে এই নিচাই এগৰাকী আৰক্ষী বিষয়াৰ চাকৰিলৈ সংকট নমাই আনিব ? নগদ ধনৰ বাণ্ডিলসহ পৰিয়ালে তোলা এখন চেলফিৰ ফলত উত্তৰ প্ৰদেশৰ উন্নাওত এজন আৰক্ষী বিষয়াৰ বাবে তৎক্ষণাত বদলি হয়(UP cop in trouble) । পত্নী আৰু সন্তানে তোলা চেলফি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে পুলিচজনৰ বিৰুদ্ধে তদন্ত আৰম্ভ হয়, য’ত তেওঁলোকে ৫০০ টকীয়া নোটৰ বাণ্ডিল লৈ পোজ দিয়া দেখা যায়(up cop in trouble after family take selfie with bundles of rs 500 notes)।

এই উপ-পৰিদৰ্শকজন উন্নাও জিলাৰ বেটা মুজাৱাৰ অঞ্চলত নিযুক্ত হৈ আছিল। বৃহস্পতিবাৰে তেওঁৰ পত্নী আৰু সন্তানৰ চেলফি ইণ্টাৰনেটত ভাইৰেল হৈ পৰে । ছবিখনত বিচনাত ৫০০ টকীয়া নোটৰ বাণ্ডিল সজাই থোৱা আছে । আৰক্ষী বিষয়াৰ পৰিয়ালৰ লোক ইয়াৰ চাৰিওফালে শুই-বহি আছে । নোটৰ বাণ্ডিলৰ সৈতে এই ছবি ভাইৰেল হোৱাৰ পিছতে উপ-পৰিদৰ্শক ৰমেশ চাহানিক বদলি কৰা হয় ।

জানিব পৰা মতে, ছবিকেইখনত মুঠ ৫০০ টকীয়া নোটৰ ২৭ টা বাণ্ডিল আছিল । মুঠ ধনৰাশি প্ৰায় ১৪ লাখ টকা । তথ্য অনুসৰি তেওঁক বৰ্তমানৰ পদৰ পৰা অপসাৰণ কৰি আৰক্ষী লাইনলৈ বদলি কৰা হৈছে। খোদ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ শংকৰ মীনাই এই বিষয়ত উদ্বেগ প্ৰকাশ কৰি ঘটনাৰ পুংখানুপুংখ তদন্ত বিচাৰিছে ।

বঙাৰমৌৰ আৰক্ষী চক্ৰ বিষয়া পংকজ সিঙক এই সন্দৰ্ভত তদন্তৰ দায়িত্ব দিয়া হৈছে । তেওঁ এই ঘটনাৰ পৰিস্থিতিৰ পুনৰীক্ষণ কৰিব । তেওঁক এই সন্দৰ্ভত সকলো প্ৰাসংগিক প্ৰমাণ সংগ্ৰহ কৰি অনতিপলমে প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হয় । তদন্ত শেষ নোহোৱালৈকে আৰক্ষী লাইনত থাকিব ৰমেশ চাহানি ।

আনহাতে , ৰমেশ চাহানিয়ে কোনো অন্যায় অথবা অবৈধ কাম কৰা নাই বুলি দাবী কৰিছে । তেওঁ দাবী কৰে যে ছবিসমূহ পুৰণি । ১৪ নৱেম্বৰ, ২০২১ত তোলা হৈছিল । সেই ধনৰ সকলো হিচাপ তেওঁৰ হাতত আছে বুলি দাবী কৰে । সেই সময়ত তেওঁ কিছু পৰিয়ালৰ সম্পত্তি বিক্ৰী কৰিছিল । ছবিখনত দেখুওৱা নগদ ধনখিনি হৈছে সেই সম্পত্তিৰ বিক্ৰীৰ পৰা পোৱা ধন ।

লগতে পঢ়ক : Disgraced Ghograpar OC Dismissed : থানাত কিশোৰী নিৰ্যাতনকাৰী আৰক্ষী বিষয়া পলাতক, সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা ডিজিপিৰ