Local, Vocal, Global

Disgraced Ghograpar OC Dismissed : থানাত কিশোৰী নিৰ্যাতনকাৰী আৰক্ষী বিষয়া পলাতক, সন্ধান দিওতালৈ পুৰস্কাৰ ঘোষণা ডিজিপিৰ

নিউজ ডেস্ক, ৩০ জুন : নলবাৰীৰ ঘগ্ৰাপাৰ থানাত এগৰাকী কিশোৰীক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া বিমান ৰয়ক নিলম্বন কৰা হৈছে(Disgraced Ghograpar OC Dismissed) । বৃহস্পতিবাৰে আবেলি টুইটযোগে এই কথা প্ৰকাশ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে (Disgraced Ghograpar OC Dismissedl)।

আনহাতে, পলাতক হৈ আছে আৰক্ষী বিষয়া বিমান ৰয়। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে(shocking incident at Ghagrapar police station in Nalbari) । সঞ্চালক প্ৰধানগৰাকীয়ে পলাতক আৰক্ষী বিষয়া বিমান ৰয়ৰ সন্ধান দিওতাক পুৰস্কৃত কৰা হ’ব বুলিও ঘোষণা কৰিছে।

উল্লখেয যে ভূক্তভোগী কিশোৰীগৰাকীয়ে নিৰ্যাতনৰ সমগ্ৰ ঘটনা প্ৰথমতে উপ-পৰিদৰ্শক লিজা টায়েক জনাইছিল(FIR against S.I by Minor Girl) । কিন্তু টায়ে কিশোৰীগৰাকীক মুখ বন্ধ ৰাখিবলৈ ভাবুকি প্ৰদান দিছিল । এগৰাকী আৰক্ষী বিষয়াৰ কাণ্ডকলৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে বুধবাৰে নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে উত্থাপন হৈছিল এক বিস্ফোৰক অভিযোগ। যোৱা ২১ জুনত ভুক্তভোগী এগৰাকী কিশোৰীয়ে প্ৰেমিকৰ সৈতে পলায়ন কৰিছিল । অৱশ্যে তেওঁলোকক আৰক্ষীয়ে আটক কৰি ঘগ্ৰাপাৰ থানালৈ লৈ যায় । দুয়োকে সেই নিশা লকআপৰ ভিতৰতে ৰখা হয় । অভিযোগ অনুসৰি কিশোৰীগৰাকীক এখন-এখনকৈ কাপোৰ খুলিবলৈ ভাবুকি দিছিল উপ-পৰিদৰ্শকগৰাকীয়ে। ইয়াৰ পিচতে তেওঁ ম’বাইলেৰে ফটো উঠাইছিল উলংগ অৱস্থাত থকা কিশোৰীগৰাকীৰ। ভুক্তভোগী কিশোৰীগৰাকীয়ে দাখিল কৰা এফআইআৰ অনুসৰি যোৱা ২৬ জুনৰ নিশা সংঘটিত হয় এই ঘটনা।

ইয়াৰ পিছতে নলবাৰী থানাৰ ২৮৭/২৩ নম্বৰৰ গোচৰৰ ভিত্তিত আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৫৪(খ)/৫০৯ আৰু POCSO আইনৰ আৰ/ডব্লিউ ধাৰা ১২/১৪(১)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক সুধাকৰ সিঙক অৱগত কৰা হয় । অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে।

সম্প্ৰতি আৰক্ষী বিষয়া বিমান ৰয় পলাতক অৱস্থাত আছে। তেওঁৰ বিৰুদ্ধে POCSO আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে যে, পলাতক অৱস্থাত থকা বিমান ৰয়ৰ সন্ধান দিওতাক পুৰস্কৃত কৰা হ’ব।

এই নিৰ্লজ্জ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এনেবোৰ ঘটনাৰ মাজতে বৃহস্পতিবাৰে ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া বিমান ৰয়ক নিলম্বন কৰে । বৃহস্পতিবাৰে আবেলি টুইটযোগে এই কথা প্ৰকাশ কৰে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

লগতে পঢ়ক : FIR against S.I by Minor Girl : এগৰাকী কিশোৰীক উলংগ কৰি আৰক্ষী বিষয়াই ফটো তোলাৰ গুৰুতৰ অভিযোগ