Local, Vocal, Global

Watch | Unprecedented situation of state health department in Jamugurihat: জামুগুৰিহাটত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অভাৱনীয় পৰিস্থিতি

জামুগুৰিহাট: বৃহত্তৰ ৰঙাপৰা অঞ্চলৰ ৰোগীসকলৰ স্বাস্থ্য সেৱাৰ বাবে থকা একমাত্ৰ চৰকাৰী চিকিৎসালয় ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগী অনুপাতে নাই চিকিৎসক, নাই এগৰাকীও(GNM) জি এন এম নাৰ্চ, আৰু নাই(Technician) ট্ৰেকনিচিয়ান ৷ বিভিন্ন সমস্যাৰ মাজেৰে বৰ্তমান চলি আছে ৰঙাপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি ৷

বহু সময়ত চিকিৎসক আৰু নাৰ্চ নথকাৰ বাবেই স্বাস্থ্য সেৱা লাভৰ বাবে অহা ৰোগী সকল বিনা চিকিৎসাই ঘৰলৈ উভতি যাব লগীয়া হয় ৷ বিগত দুবছৰ ধৰি চিকিৎসালয় খনত নাই এগৰাকীও (GNM) জি এন এম নাৰ্চ ৷ দুবছৰ পুৰ্ৱেই বদলি হৈ গৈছিল দুগৰাকী কৈ জি এন এম নাৰ্চ । কিন্তু আজি প্ৰৰ্য্যন্ত স্বাস্থ্য সেৱা বিভাগটোৱে এজনো জি এন এম নাৰ্চৰ নিযুক্তি নিদিলে ৷ চৰকাৰী স্বাস্থ্য কেন্দ্ৰটি পাঁচজন চিকিৎসকৰ ঠাইত মাত্ৰ তিনিজন চিকিৎসকে ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছে ৷

আনকি স্বাস্থ্য কেন্দ্ৰত তেজৰ নমুনা পৰীক্ষা কৰিবলৈ নাই এজনে (laboratory technician) পৰীক্ষাগাৰ সহায়ক ৷ যাৰ বাবে ডাইবেটিছ , প্ৰসুতি তথা আন পৰীক্ষা বাবে অহা ৰোগীয়ে এতিয়া বাহিৰৰ ব্যক্তিগত লেৱৰেটৰী সমুহত ধনৰ বিনিময়ত কৰিবলগীয়া হয় তেজৰ নমুনাৰ পৰীক্ষা ৷

উল্লেখ্য যে, প্ৰতিদিনে চিকিৎসালয় খনলৈ অহা তিনি/ চাৰি শ ৰোগীক কেৱল মাত্ৰ তিনিজন চিকিৎসকে চিকিৎসা সেৱা অগবঢ়াই থাকি সমস্যাৰ সন্মুখীন হৈ আহিছে ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী আশোক সিংঘালে ৰঙাপৰা স্বাস্থ্য কেন্দ্ৰত চিকিৎসৰ লগতে এজন স্থায়ী জি এন এম নাৰ্চৰ নিয়ুক্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৰাইজৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষই ৷