Local, Vocal, Global

Watch | Unpleasant incident occurred at the Bilasipara Music Festival 2025 in Dhubri district: বিলাসীপাৰা থানাত উত্তপ্ত পৰিস্থিতি

গুৱাহাটী: বিলাসীপাৰা থানাত উত্তপ্ত পৰিস্থিতি। থানা ঘেৰাও কৰি বিভিন্ন দ’ল সংগঠন আৰু বিলাসীপাৰাৰ ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। প্ৰাক্তন মন্ত্ৰী মহিবুল হক বিলাসীপাৰা থানাত উপস্থিতিত হোৱাৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।

১ ফেব্ৰুৱাৰীত বিলাসীপাৰা সংগীত মহোৎসৱত সংঘটিত হৈছিল ভয়ংকৰ অপ্ৰীতিকৰ ঘটনা। টিকটৰ নামত ৰাইজৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা F.H Productionএ বলীউডৰ কন্ঠশিল্পী মহম্মদ ফাইজক দিয়া নাছিল আগ ধন। বলীউডৰ কন্ঠশিল্পী মহম্মদ ফাইজে টকা নোপোৱাৰ ফলত উঠা নাছিল মিউজিক ফেষ্টিৱেলৰ মঞ্চত। ফলত বিলাসীপাৰা সংগীত মহোৎসৱত সৃষ্টি হৈছিল কুৰুক্ষেত্ৰ।

হাজাৰ হাজাৰ দৰ্শকৰ লগত প্ৰতাৰণা কৰা F.H Productionৰ স্বাত্বাধিকাৰী তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু পুত্ৰ ৰেহাল খান সহ পৰিচালনা সমিতিৰ বিৰুদ্ধে বিলাসীপাৰা থানাত পৃথকে পৃথকে ৰুজু হৈছিল একাধিক গোচৰ। আজি বিলাসীপাৰা থানাত প্ৰাক্তন মন্ত্ৰী মহিবুল হক উপস্থিতিত হোৱাৰ খবৰ পাই টিকট লৈ থানাত হাজিৰ বিলাসীপাৰাৰ ৰাইজ আৰু দল সংগঠন। প্ৰতিবাদী সকলৰ দাবী- ৰাইজৰ ধন লৈ উধাও হোৱা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে আজি ঘূৰাই দিৱ লাগিৱ সকলো টকা। দুই নম্বৰী কৰা আৰু বিলাসীপাৰাক বদনামী কৰা প্ৰাক্তন মন্ত্ৰী মহিবুল হকক আৰক্ষীয়ে আজি কৰিব লাগিব গ্ৰেপ্তাৰ। ঘটনাস্থলীত উপস্থিতিত ধুবুৰী আৰক্ষী অধীক্ষক নবীন সিঙ।