Local, Vocal, Global

International Yoga Day 2023 : আন্তৰ্জাতিক যোগ দিৱসৰ নৱম সংস্কৰণত বিশ্বজুৰি কোটি কোটি লোকৰ ব্যাপক অংশগ্ৰহণ

নেশ্যনেল ডেস্ক , ২১ জুন : আন্তৰ্জাতিক যোগ দিৱসৰ নৱম সংস্কৰণটো এক বৃহৎ সফলতা হিচাপে পৰিগণিত হৈছে । কেইবাকোটি লোকে এইবাৰৰ যোগ দিৱসত অংশগ্ৰহণ কৰাৰ ফলত যোগৰ গ্ৰহণযোগ্যতা আৰু জনপ্ৰিয়তাই বিশ্বজুৰি এক নতুন শিখৰ চুবলৈ সক্ষম হৈছে । কেইবাটাও নতুন পদক্ষেপৰো সাক্ষী হৈ ৰৈছে এই বছৰৰ যোগ দিৱস (International Yoga Day 2023) । মধ্য প্ৰদেশৰ জবলপুৰত অনুষ্ঠিত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰৰ উপস্থিতিত উমৈহতীয়া যোগ প্ৰটোকল (চিৱাইপি) প্ৰদৰ্শনত ১৫,০০০ৰো অধিক লোকৰ উৎসাহী অংশগ্ৰহণ কৰা হয় ।

এই অনুষ্ঠানটোত উপস্থিত থাকে মধ্য প্ৰদেশৰ ৰাজ্যপাল মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় আয়ুষ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাই, মধ্য প্ৰদেশৰ সাংসদ, মন্ত্ৰীসকল, শ্ৰীৰাম চন্দ্ৰ মিছনৰ সভাপতি কমলেশ ডি পেটেল আৰু আয়ুষ মন্ত্রালয়ৰ উচ্চপদস্থ বিষয়াসকল তথা অন্যান্য বিষয়াসকল আৰু গণ্য-মান্য ব্যক্তিসকল, যোগগুৰু, যোগ বিশেষজ্ঞ আদি ।

ভাৰতৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে তেওঁৰ ভাষণত কয় যে, “প্ৰধানমন্ত্ৰীৰ প্ৰচেষ্টাৰ ফলত যোগ এতিয়া এক গোলকীয় উৎসৱত পৰিণত হোৱাটো অতি সন্তোষজনক বিষয়। যোগ কেৱল ব্যক্তিবিশেষৰ বাবেই নহয়, ই সমগ্ৰ মানৱজাতিৰ বাবেই। যোগে এক অৰ্থনৈতিক ৰূপো লৈছে, যিয়ে দেশৰ অৰ্থনীতিত ইতিবাচক প্ৰভাৱ পেলাইছে। ভাৰতৰ প্ৰশিক্ষিত যোগ শিক্ষকসকলে সমগ্ৰ বিশ্বতে কাম কৰি আছে আৰু যোগ শিক্ষকসকলৰ চাহিদা এতিয়া যথেষ্ট বৃদ্ধি পাইছে।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি কয় যে তেওঁ বৰ্তমান গুৰুত্বপূৰ্ণ কাৰ্যসূচী লৈ আমেৰিকা ভ্ৰমণত আছে । ভাৰতত অনুষ্ঠিত আন্তৰ্জাতিক যোগ দিৱসৰ পূৰ্বৰ অনুষ্ঠানবোৰত তেওঁ সক্ৰিয় অংশগ্ৰহণ কৰাৰ বিপৰীতে এইবাৰ তেওঁ নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত যোগ অনুষ্ঠানৰ নেতৃত্ব দিব।

লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে , “এজন ব্যক্তিয়ে যোগৰ জৰিয়তে সুস্বাস্থ্য, শক্তি, দৃঢ় মনোবল আৰু সবল মানসিকতাৰ অধিকাৰী হ’ব পাৰে। যিসকলে বছৰ বছৰ ধৰি নিয়মীয়াকৈ এই অনুশীলনত জড়িত হৈ আছে তেওঁলোকে ইয়াৰ শক্তি অনুভৱ কৰিছে । ব্যক্তিবিশেষৰ লগতে পাৰিবাৰিক পৰ্যায়ত সুস্বাস্থ্যৰ প্ৰাসংগিকতা অতি গুৰুত্বপূৰ্ণ। যোগে এখন স্বাস্থ্যবান আৰু শক্তিশালী সমাজ গঢ়ি তোলাত অৰিহণা যোগাইছে, যাৰ ফলত সামূহিক শক্তিয়ে সমাজ তথা দেশক দ্ৰুতগতিত আগুৱাই লৈ যাব পাৰিছে। আমাৰ চৰকাৰৰ স্বচ্ছ ভাৰত আৰু ষ্টাৰ্টআপ ইণ্ডিয়াৰ দৰে অভিযানে এখন স্বাৱলম্বী ৰাষ্ট্ৰ গঢ়ি তোলাত সহায় কৰিছে। আমি আমাৰ পাৰম্পৰিক, সাংস্কৃতিক পৰিচয় পুনৰুদ্ধাৰ কৰিব লাগিব । আজি দেশত সম্ভৱ হোৱা ক্ষিপ্ৰ ৰূপান্তৰে জনজীৱনৰ বুকুত অভূতপূৰ্ব পৰিৱৰ্তন সাধন কৰিছে।”

ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী আৰু দৃষ্টান্তমূলক নেতৃত্বত যোগ দিৱসৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সুনাম বৃদ্ধি হৈছে। ভাৰতীয় ঐতিহ্য-পৰম্পৰাক এতিয়া সমগ্ৰ বিশ্বই অকুণ্ঠচিত্তে আঁকোৱালি লৈছে। আন্তৰ্জাতিক যোগ দিৱসৰ অভূতপূৰ্ব সফলতাই বিশ্ব স্তৰত সাৰ্বজনীন কল্যাণৰ বাৰ্তা আৰু অধিক বৃদ্ধি কৰিব।”

লগতে সোণোৱালে কয়, “যোগক স্বাস্থ্যসন্মত জীৱনৰ উপায় হিচাপে গ্ৰহণ কৰাটো সময়ৰ আহ্বান। নিতৌ যোগাভ্যাস কৰি আমি কেৱল আমাৰ শাৰীৰিক-মানসিক স্বাস্থ্যক সমৃদ্ধ কৰাই নহয়, লগতে মোদীয়ে আগবঢ়োৱা সুস্থ ভাৰতৰ দৃষ্টিভংগীতো ইতিবাচক অৱদান আগবঢ়াব পাৰোঁ। ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ উৎকৰ্ষ সাধনৰ সমান্তৰালকৈ অৰ্থনৈতিক বিকাশৰ পৰিকাঠামো গঢ় দিয়াৰো ক্ষমতা যোগ ব্যৱস্থাত নিহিত হৈ আছে। যোগক এক পাৰস্পৰিক সৌহাৰ্দৰ মাধ্যম হিচাপেও ব্যৱহাৰ কৰি আমি বিভিন্ন দেশৰ সৈতে আমাৰ পাৰস্পৰিক সম্পৰ্ক উন্নীত কৰিব পাৰোঁ। আমি সকলোৱে মিলি এই প্ৰাচীন অনুশীলনৰ অপৰিসীম সম্ভাৱনা উন্মুক্ত কৰিব লাগিব আৰু বিশ্ব মানচিত্ৰত ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব লাগিব। যোগ অনুশীলনৰ দৰে সুদূৰপ্ৰসাৰী পদ্ধতিৰ জৰিয়তে বিশ্ব সম্প্ৰদায়ে বৰ্তমানৰ বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বানৰো সমাধান বিচাৰি পাইছে।”

আজি যোগ দিৱসৰ দিনা কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সহায়ত যোগৰ এটা মহাসাগৰীয় ৰিং সৃষ্টি কৰা হৈছে আৰু বিশ্বৰ বহু উল্লেখযোগ্য বন্দৰত থকা ভাৰতীয় নৌসেনাৰ জাহাজৰ জৰিয়তে যোগ প্ৰদৰ্শন কৰা হৈছে। ভাৰতৰ সৈতে শক্তিশালী সামুদ্ৰিক সম্পৰ্ক থকা বহুকেইখন দেশেও এই কাৰ্যসূচীত যোগদান কৰিছে। ১৯ খন ভাৰতীয় নৌসেনাৰ জাহাজত থকা প্ৰায় ৩,৫০০ নৌসেনা বাহিনীৰ কৰ্মীয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োধৰণৰ জলপথত যোগৰ দূত হিচাপে ৩৫,০০০ কিলোমিটাৰৰো অধিক ভ্ৰমণ কৰিছে। ইয়াৰ ভিতৰত বিদেশী বন্দৰ/আন্তঃৰাষ্ট্ৰীয় জল পৰিসীমাত থকা ১১ খন আইএন জাহাজৰ ২,৪০০ৰো অধিক কৰ্মচাৰী অন্তৰ্ভুক্ত আছে। লক্ষণীয়ভাৱে, বিদেশী মিছনৰ সৈতে একত্ৰিত হৈ কেইবাখনো বিদেশী নৌসেনাৰ জাহাজত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে, য’ত ১,২০০ৰো অধিক বিদেশী নৌসেনাকৰ্মী জড়িত আছে।

তাৰোপৰি আৰ্কটিকৰ পৰা এণ্টাৰ্কটিকালৈকেও যোগ প্ৰদৰ্শন অনুষ্ঠিত হৈছে– প্ৰাইম মেৰিডিয়ান ৰেখাত বা ইয়াৰ ওচৰত থকা দেশসমূহে যোগ প্ৰদৰ্শন কাৰ্যসূচীত যোগদান কৰিছে। উত্তৰ আৰু দক্ষিণ মেৰু অঞ্চলতো যোগাসন অনুষ্ঠিত হৈছে। আইএনএছ বিক্ৰান্ত আৰু আইএনএছ বিক্ৰমাদিত্যৰ ফ্লাইট ডেকসমূহো যোগ প্ৰদৰ্শনৰ অংশীদাৰ হৈছে। আৰ্কটিকৰ ভাৰতীয় গৱেষণাস্থলী ‘হিমাদ্ৰী’ আৰু এণ্টাৰ্কটিকাস্থিত ভাৰতীয় তৃতীয় গৱেষণাস্থলী ‘ভাৰতী’তো যোগ প্ৰদৰ্শন অনুষ্ঠিত কৰা হৈছে। আনহাতে, যোগ ভাৰতমালাত ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, ভাৰতীয় নৌসেনা, উপকূলৰক্ষী বাহিনী, আইটিবিপি, বিএছএফ, সীমান্ত পথ সংস্থা আদিয়ে অংশগ্ৰহণ কৰিছে। স্থানীয় পৰ্যায়ত ভাৰতৰ ২ লাখতকৈও অধিক গাঁৱত কমন যোগ প্ৰট’কল (চিৱাইপি)ৰ জৰিয়তে জনসাধাৰণক প্ৰশিক্ষণ প্ৰদান আৰু যোগ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু আয়ুষ- এই দুয়োটা মন্ত্ৰালয়ৰ ১.৫ লাখতকৈও অধিক স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰত আৰু সকলো অমৃত সৰোবৰত (প্ৰায় ৫০ হাজাৰ) যোগ প্ৰদৰ্শন কৰা হৈছে।

চলিত বৰ্ষৰ মাৰ্চ মাহত আয়ুষ মন্ত্ৰালয়ে আৰম্ভ কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসলৈ ১০০ দিনৰ কাউণ্টডাউন অভিযানে ইতিমধ্যে চহৰসমূহৰ মাজত এক ব্যাপক গতি লাভ কৰা দেখা গৈছিল। এইবেলি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৭৫ দিনীয়া কাৰ্যসূচী ডিব্ৰুগড়ত যোৱা ৭ এপ্ৰিলত, ৫০ দিনীয়া কাৰ্যসূচী ২ মে’ তাৰিখে জয়পুৰত আৰু ২৫ দিনীয়া কাৰ্যসূচী ২৭ মে’ত হায়দৰাবাদত সফলতাৰে অনুষ্ঠিত হৈছে।

২০২৩ বৰ্ষৰ যোগ দিৱস গাঁও পৰ্যায়তো বিস্তৃতভাৱে উদযাপন কৰি ‘হৰ আংগন যোগ’ৰ লক্ষ‍্যত উপনীত হ’বলৈ চেষ্টা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো গাঁওপ্ৰধানলৈ এখন পত্ৰ লিখি তেওঁলোকৰ ওচৰৰ অংগনবাড়ী, স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰ আৰু বিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰিবলৈ আহ্বান জনাইছিল। সেইমতে উক্ত স্থানসমূহতো ব্যাপক ৰূপত যোগ প্ৰদৰ্শন অনুষ্ঠিত হৈছে।

আন্তৰ্জাতিক যোগ দিৱসত ভাৰত চৰকাৰৰ সকলো গুৰুত্বপূৰ্ণ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আগশাৰীৰ যোগ প্ৰতিষ্ঠান আৰু সংগঠন, সংস্থা আৰু অন্যান্য অংশীদাৰসকলে অংশগ্ৰহণ কৰিছে। ভাৰতীয় মিছন আৰু দূতাবাসসমূহৰ লগতে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ আৰু গুজৰাটৰ জামনগৰত থকা বিশ্ব স্বাস্থ্য সংস্থা- পৰম্পৰাগত ঔষধৰ গোলকীয় কেন্দ্ৰৰ অন্তৱৰ্তীকালীন কাৰ্যালয়েও আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয় ।

লগতে পঢ়ক : PM Modi US Visit : ‘টেছলা শীঘ্ৰেই ভাৰতত আহিব’ : এলন মাস্ক