Local, Vocal, Global

শিমলুগুৰিৰ দিখৌ নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ১২ জুলাই : মংগলবাৰে নাজিৰা মহকুমাৰ শিমলুগুৰিৰ লুঠুৰীগাৱঁত দিখৌ নদীত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷

বিহুবৰৰ দিশৰ পৰা দিখৌৰ পানীত ওপঙি অহা মৃতদেহটো লুঠুৰীগাৱঁৰ এটা পাৰত ৰাতিপুৱা এজন ব্যক্তিয়ে খৰি আনিবলৈ যাওতে দেখা পাই শিমলুগুৰিৰ আৰক্ষীক অবগত কৰাত পাছত শিমলুগুৰি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷