Local, Vocal, Global

UN Security Council to vote Tuesday on resolution demanding Gaza ceasefire : মঙলবাৰে গাজাত মানৱীয় যুদ্ধবিৰতিৰ সমৰ্থনত ভোটদান কৰিব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ ফেব্ৰুৱাৰী : মঙলবাৰে গাজাত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ভোটদান কৰাৰ সম্ভাৱনা।মানৱীয় যুদ্ধবিৰতিৰ দাবীত আৰব সমৰ্থিত প্ৰস্তাৱৰ ওপৰত ভোটদান কৰাৰ সম্ভাৱনা । যিটো প্ৰস্তাৱত আমেৰিকাই ভেটো দিব বুলি ঘোষণা কৰিছে।

জানিব পৰা মতে, এই ভোটদান মঙলবাৰে পুৱা হ’ব । পৰিষদত আৰবৰ প্ৰতিনিধি আলজেৰিয়াই এই খচৰা প্ৰস্তাৱটোক চূড়ান্ত ৰূপত ৰাখিছে যাৰ ওপৰত ভোটদান কৰিব পৰা যাব । নাম প্ৰকাশ নকৰাৰ চৰ্তত কাউন্সিলৰ কূটনীতিবিদসকলে মঙলবাৰৰ পুৱা ভোটগ্ৰহণ হ’ব বুলি জনায় । যুদ্ধবিৰতিৰ উপৰিও দ্য এছ’চিয়েটেড প্ৰেছে লাভ কৰা আলজেৰিয়াৰ চূড়ান্ত খচৰাত ইজৰাইল আৰু হামাছে আন্তঃৰাষ্ট্ৰীয় আইন বিশেষকৈ সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ ক্ষেত্ৰত নিখুঁতভাৱে মানি চলিবৰ বাবে পৰিষদৰ দাবীত পুনৰবাৰ উল্লেখ কৰা হৈছে ৷ ইয়াৰ লগতে পেলেষ্টাইনৰ সাধাৰণ নাগৰিকক বলপূৰ্বকভাৱে স্থানচ্যুত কৰাটোও নাকচ কৰা হৈছে(UN Security Council to vote Tuesday on resolution demanding Gaza ceasefire, US vows to use its veto) ৷

৭ অক্টোবৰত দক্ষিণ ইজৰাইলত সংঘটিত হোৱা অতৰ্কিত আক্ৰমণৰ সময়ত হামাছে পণবন্দী কৰি লোৱা সকলো লোকক শীঘ্ৰে আৰু বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীও এই খচৰাত উল্লেখ কৰা হৈছে । প্ৰায় ১২০০০ লোকক হত্যা, প্ৰায় ২৫০ জন লোকক পণবন্দী আৰু ১০০ ৰো অধিক লোক এতিয়াও গাজাত আবদ্ধ হৈ থকা বুলি ধাৰণা কৰা হৈছে ।

আমেৰিকাৰ ৰাষ্ট্ৰদূত লিণ্ডা থমাছ-গ্ৰীনফিল্ডে এক বিবৃতিযোগে কয়, “আমেৰিকাই কেইবামাহো ধৰি পণবন্দী চুক্তি সন্দৰ্ভত কাম কৰি আহিছে, যিয়ে কমেও ছয় সপ্তাহৰ বাবে শান্তি আনিব ৷ ইয়াৰ ফলত আমি স্থায়ী শান্তি গঢ়ি তোলাৰ বাবে অধিক সময় লাভ কৰাৰ লগতে পদক্ষেপ গ্ৰহণ কৰিব পাৰিম । যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু আৰু ইজিপ্ত আৰু কাটাৰৰ নেতাসকলৰ সৈতে একাধিক ফোনকল কৰি চুক্তিখন আগুৱাই নিয়াৰ কথাও কয়(UN Security Council To Vote Tuesday On Resolution Demanding Gaza Ceasefire, US Vows To Use Its Veto) ।

গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি হামাছৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ইজৰাইলৰ সামৰিক আক্ৰমণ তীব্ৰতৰ হোৱাৰ লগে লগে ৰাষ্ট্ৰসংঘৰ ২২ খন আৰব দেশে কেইবামাহো ধৰি যুদ্ধবিৰতিৰ দাবী জনাই আহিছে । টিউনিছিয়াৰ ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰদূত তাৰেক লাডেবে বুধবাৰে ৰাষ্ট্ৰসংঘৰ সাংবাদিকৰ আগত কয়, “ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে ইজিপ্তৰ সীমান্তৱৰ্তী অঞ্চলত সাধাৰণ নাগৰিকক খালী কৰাৰ সম্ভাৱনা আছে ৷ ইজৰাইলে সামৰিক আক্ৰমণৰ কাম আগবঢ়াই নিলে গাজাৰ দক্ষিণৰ ৰাফা চহৰত নিৰাপত্তা বিচৰা ১৫ লাখ পেলেষ্টাইনী লোকে এক বিপৰ্যয়জনক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব ।”নেতান্যাহুৱে সেনাবাহিনীক ৰাফা চহৰক খালী কৰাৰ পৰিকল্পনা কৰিবলৈ নিৰ্দেশ দিছিল যদিও ইজৰাইলে কোনো সময়সীমা ঘোষণা কৰা নাই । আলজেৰিয়াৰ খচৰা প্ৰস্তাৱটোৱে গাজাৰ ভয়াৱহ আৰু জৰুৰীভাৱে অৱনতি ঘটা মানৱীয় পৰিস্থিতিৰ ওপৰতো উদ্বেগ প্ৰকাশ কৰিছে ৷ ৰাষ্ট্ৰসংঘৰ বিষয়াসকলে কয় যে ২৩ লাখ জনসংখ্যাৰ এক চতুৰ্থাংশই অনাহাৰৰ সন্মুখীন হৈছে । গাজা সন্দৰ্ভত নিৰাপত্তা পৰিষদে দুটা প্ৰস্তাৱ গ্ৰহণ কৰিছে, ইজৰাইলৰ ঘনিষ্ঠ মিত্ৰ আমেৰিকাই দুয়োটা প্ৰস্তাৱৰ পৰা বিৰত আছে।

১৫ নৱেম্বৰত ইয়াৰ প্ৰথম প্ৰস্তাৱত ইজৰাইলৰ আকাশী আৰু স্থল আক্ৰমণৰ সময়ত পেলেষ্টাইনী সাধাৰণ নাগৰিকৰ বাবে ক্ৰমাৎ বৃদ্ধি পোৱা সংকটৰ সমাধানৰ বাবে গাজাত জৰুৰী আৰু বৰ্ধিত মানৱীয় বিৰতিৰ আহ্বান জনোৱা হৈছিল । ২২ ডিচেম্বৰত পৰিষদে গাজাৰ ভোকাতুৰ আৰু হতাশগ্ৰস্ত সাধাৰণ নাগৰিকসকলক সাহায্য প্ৰদানৰ কাম তৎকালীনভাৱে ক্ষিপ্ৰতাৰে কৰাৰ আহ্বান জনায় ৷ কিন্তু ইজৰাইল আৰু হামাছৰ মাজত শত্ৰুতা জৰুৰীভাৱে স্থগিত ৰখাৰ বাবে কোনো আহ্বান নজনালে ।

লগতে পঢ়ক : ED may issue 7th summons to Delhi CM Arvind Kejriwal in excise policy case : আবকাৰী নীতিৰ গোচৰ সন্দৰ্ভত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ সপ্তম চমন জাৰি কৰাৰ সম্ভাৱনা