Local, Vocal, Global

Drunk Driver Hits Bystander in Guwahati’s GS Road : মহানগৰীৰ ৰাজপথত সুৰামত্ত চালকৰ তাণ্ডৱ

নিউজ ডেস্ক, ১৯ ফেব্ৰুৱাৰী : পুনৰ মহানগৰীৰ ৰাজপথত সুৰামত্ত চালকৰ তাণ্ডৱ । এইবাৰ সুৰাৰ ৰাগীত মাতাল হৈ পথৰ ৰেলিং ভাঙি গছত খুন্দা মাৰিলে সুৰামত্ত চালকে ।

দেওবাৰে পুৱতি নিশা সংঘটিত হৈছে এই ঘটনাটো । দেওবাৰ নিশা নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ৰেলিং ভাঙি গছত খুন্দা মাৰিলে বিলাসী বাহনে ।

জানিব পৰা মতে, অত্যাধিক সুৰাপান কৰি বিলাসী বাহন চলাইছিল চালকে ৷ যাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ৰেলিং ভাঙি গছত খুন্দা মাৰে বিলাসী বাহনখনে । এই ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে এগৰাকী পথচাৰীৰ ৷ সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় দুই সুৰামত্ত যুৱকক(Drunk Driver Hits Bystander in Guwahati’s GS Road) ।

দেওবাৰৰ পুৱতি নিশা খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷ সমগ্র ঘটনা বন্দী হৈছে চি চি টিভি কেমেৰাত ।

লগতে পঢ়ক :UN Security Council to vote Tuesday on resolution demanding Gaza ceasefire : মঙলবাৰে গাজাত মানৱীয় যুদ্ধবিৰতিৰ সমৰ্থনত ভোটদান কৰিব ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে