Umrangso Coal Mine Incident: উমৰাংছ’ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান

নিউজ ডেস্ক,১৯জানুৱাৰী : উমৰাংছ’ৰ কয়লাখনিৰ তিনি কিলো কলামাটিত অসম কয়লা খনি দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালক শনিবাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য প্ৰদান ৰাজ্যৰ খনি মন্ত্ৰী কৌশিক ৰায়ৰ(Umrangso Coal Mine Incident)।
শনিবাৰে বিয়লি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা আৰু ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতত এই চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে(Assam minister grants Rs 10 lakh ex-gratia to families of Kalamati coal mine tragedy victims)।
চেক বিতৰণ কৰি মন্ত্ৰী কৌশিক ৰায়ে কয়, “যোৱা দুই দিন আগতে মৰিগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে আজি মৃত চাৰিজন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা আৰু ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ৪ লাখ টকাকৈ সৰ্বমুঠ ১০ লাখ টকা প্ৰদান কৰা হয় আৰু বাকী সন্ধানহীন ৫ জন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা প্ৰদান কৰা হয় । বাকী ৪ লাখ টকা পিচত প্ৰদান কৰা হ’ব ।”
মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত লগতে কয়, “মৃত শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ ক্ষতিপূৰণ কৰা সম্ভৱ নহয় । কিন্তু এই শ্ৰমিকসকলৰ পৰিয়াল ভালদৰে চলাৰ বাবে এই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে । সন্ধানহীন ৫ গৰাকী শ্ৰমিকৰ উদ্ধাৰৰ চেষ্টা এতিয়া অব্যাহত আছে ৷ বৰ্তমানো প্ৰতিদিনে ১ হাজাৰ কোটি লিটাৰ পানী নিষ্কাষণ কৰা হৈছে ।”
লগতে পঢ়ক :Young woman commits suicide in Guwahati: মহানগৰীৰ ভাড়া ঘৰত পুনৰ যুৱতীৰ আত্মহনন