Umrangso Coal Mine: উমৰাংছুত উদ্ধাৰ তৃতীয়টো মৃতদেহ; উদ্ধাৰ হোৱা তৃতীয়টো মৃতদেহৰ পৰিচয় জানিব পৰা নাই
নিউজ ডেস্ক,১১জানুৱাৰী : অব্যাহত আছে উমৰাংছ’ৰ কয়লা খনিৰ উদ্ধাৰ অভিযান । উমৰাংছ’ৰ কয়লা খনিত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰ অভিযানৰ আজি ষষ্ঠটো দিন।
আজি উমৰাংছ’ৰ কয়লা খনিৰ পৰা পুৱাৰ ভাগত উদ্ধাৰ হৈছিল দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ। দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ পিছতে উদ্ধাৰ হ’ল আন এজন শ্ৰমিকৰ মৃতদেহ ।এই পৰ্যন্ত উদ্ধাৰ হৈছে দুটা মৃতদেহ । উৱলি যোৱা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো । উদ্ধাৰ হোৱা দ্বিতীয়টো মৃতদেহৰ পৰিচয় অৱশ্যে এতিয়ালৈকে জানিব পৰা নাই(Umrangso Coal Mine)।
শনিবাৰে পুৱা উদ্ধাৰ হোৱা প্ৰথমটো মৃতদেহ উমৰাংছ’ৰ লিজেন মগৰ (২৭) নামৰ শ্ৰমিকজনৰ বুলি জানিব পৰা গৈছে । তেওঁৰ ঘৰ ১ নং ক’লামাটি গাঁৱত ।
উল্লেখ্য যে, যোৱা ৬ জানুৱাৰীত উমৰাংছ’ অসম কয়লাখনিত সংঘটিত হৈছিল এক শোকৱহ দুৰ্ঘটনা । কয়লাখনিত কাম কৰিবলৈ গৈ খনিটোৰ ভিতৰতে আবদ্ধ হৈ পৰিছিল কেইবাগৰাকীও শ্ৰমিক । ইয়াৰ পিছতে এন ডি আৰ এফ, এছ ডি আৰ এফ, সেনাবাহিনী, ভাৰতীয় নৌ-সেনাৰ ডুবাৰুৰ দলে অভিযান চলাইছিল ।