Local, Vocal, Global

SOP issued to control milk and meat product prices during Magh Bihu : ভোগালী বিহুক লৈ SOP প্ৰকাশ পশুপালন বিভাগৰ; কোনো ব্যৱসায়ীয়ে ল’ব নোৱাৰিব অত্যধিক দাম

নিউজ ডেস্ক,১১জানুৱাৰী : ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ ২ টা‌ দিন‌ বাকী। ভোগালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। গাঁৱৰ ডেকাহঁতে যিদৰে ভেলাঘৰ, মেজি নিৰ্মাণ কৰাত ব্যস্ত হৈছে ঠিক তেনেকৈ আখলত পিঠা-পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ঘৰৰ গৃহিনীসকল। কোনোৱে যদি ঢেঁকীৰে পিঠা খুন্দিছে কোনোৱে তিল পিঠা, তেল পিঠা‌ আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে(SOP issued to control milk and meat product prices during Magh Bihu)।

উৰুকাৰ নিশা সকলোৱে লগে-ভাগে খাব হেঁপাহৰ এসাঁজ।

কিন্তু খাদ্য-সামগ্ৰীৰ অত্যধিক দামে বিপাঙত পেলায় বহু লোকক। কিন্তু এইবাৰ ভোগালীত খাদ্য সামগ্ৰীৰ দাম অতিমাত্ৰা বৃদ্ধি কৰিব নোৱাৰে তাৰ বাবে জাৰি কৰা হৈছে SOP।

ভোগালীৰ সময়ত খাদ্য সামগ্ৰীত অতিমাত্ৰা দাম ল’ব নোৱাৰিব ব্যৱসায়ীসকলে। ভোগালীত চ’ৰা দামত বিক্ৰী কৰিব নোৱাৰিব মাছ, মাংস, কণী, গাখীৰ। কোনো ব্যৱসায়ীয়ে ল’ব নোৱাৰিব অত্যধিক দাম। প্ৰত্যেক জিলা আয়ুক্তক কঠোৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। জিলাই জিলাই থাকিব বিভাগীয় নিৰীক্ষকৰ দল।

লগতে পঢ়ক :Police Constable Takes Own Life: সোণাৰিত আৰক্ষী কনিষ্টবলৰ চৰম সিদ্ধান্ত