Local, Vocal, Global

অৰুণাচলত আটক ম্যানমাৰৰ পৰা অহা তিনি দুৰ্ধৰ্ষ আলফা কেডাৰ

ম্যানমাৰৰ পৰা অহা তিনি দুৰ্ধৰ্ষ আলফা কেডাৰ আটক। ৬ নং আসাম ৰাইফলচে অৰুণাচলৰ খুনচাৰ নগলো নামৰ ঠাইৰ পৰা কেডাৰ তিনিজনক আটক কৰা বুলি দাবী কৰে। আটকাধীন কেইজন হ’ল চাৰ্জেন্ট মেজৰ গদা অসম ওৰফে হিৰন্ময় মৰাণ। ২৮ বছৰীয়া মৰাণৰ ঘৰ টঙনাৰ হাতীগড়ৰ। দ্বিতীয়জন চাৰ্জেন্ট কবীৰ অসম ওৰফে সঞ্জয় বৰা, ২৭ বছৰীয়া কবীৰৰ ঘৰ কাকপথাৰ আটকাধীন তৃতীয়জন হ’ল ৰঞ্জন অসম ওৰফে নয়ন গগৈ। ২৫ বছৰীয়া ৰঞ্জন সোণাৰিৰৰ সাপেখাতিৰ নিবাসী।

তিনিজনৰ পৰা সেনাই তিনিটা পইন্ট ৩২ পিষ্টল, তিনিটা মেগজিন আৰু তিনিটা পিষ্টল AMN জব্দ কৰিবলৈ সক্ষম হৈছে । তিনিওজনকে সেনাই সোধপোচ অব্যাহত ৰাখিছে। কুটাঘাটমূলক কাৰ্যৰ বাবে তিনি আলফা স্বাধীন সদস্য আহিছিল বুলি দাবী সেনাৰ।