Local, Vocal, Global

জাগুনত আলফাৰ লিংকমেন আটক

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং ৰামপুৰ গাঁৱৰ পৰা যোৱা শুক্ৰবাৰে নিশা মাৰ্ঘেৰিটাস্থিত ভাৰতীয় সেনাৰ ৯ নং গড়ৱাল ৰেজিমেন্টে এজন আলফা(স্বাধীন)ৰ লিংকমেন আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন লোকজনৰ নাম অৰবীন দহোটিয়া(৪৫) বুলি জানিব পৰা গৈছে । আটকাধীন অৰবীন দহোটিয়াৰ পৰা এটা .২২ পিষ্টল, প্ৰায় ১ কেজি ওজনৰ বিস্ফোৰক সামগ্ৰী আৰু দুটা মবাইল ফোন উদ্ধাৰ কৰে । আটকাধীন লোকজনক বৰ্তমান সেনাই লেখাপানী আৰক্ষীক গতাই জেৰা অব্যাহত ৰাখিছে ।