Local, Vocal, Global

Manipur Violence: অগ্নিগৰ্ভা মণিপুৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ; নিহত এজন, আহত দুজন

নিউজ ডেস্ক, ২৪ ফেব্ৰুৱাৰী : অগ্নিগৰ্ভা মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা। অগ্নিগৰ্ভা মণিপুৰত দুৰ্বৃত্তৰ অগ্নিসংযোগ । শুকুৰবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো(Manipur Violence) ।

শুকুৰবাৰে নিশা পশ্চিম ইম্ফলৰ লাংফেলপাটত ‘ইউনাইটেড কমিটি,মণিপুৰ’ৰ কাৰ্যালয়ত দুৰ্বৃত্তৰ অগ্নিসংযোগ কৰে। মাছা লেইমা বিদ্যালয়ত অগ্নিসংযোগ কৰে দুৰ্বৃত্তৰ দলে।ঘটনাৰ পাছতে অঞ্চলজুৰি বিৰাজমান তীব্ৰ উত্তেজনা(UCM Office Torched Down By Miscreants At Lamphel Under Imphal West District)।

জানিব পৰা মতে, এই বিস্ফোৰণৰ ফলত এজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হোৱা বুলি জানিব পৰা গৈছে । ইম্ফল পশ্চিমৰ থাংমেইবান্দস্থিত ডিএম মহাবিদ্যালয়ৰ বাহিৰত এই বিস্ফোৰণটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে(UCM office burnt down by miscreants at Lamphel under Imphal West district) ।

উল্লেখ্য যে, বিস্ফোৰণ সংঘটিত হোৱা স্থানটুকুৰা সদৌ মণিপুৰ ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা অলপ দূৰৈত । শুকুৰবাৰে নিশা প্ৰায় ৯.২৫ বজাত এই বিস্ফোৰণটো সংঘটিত হোৱা বুলি সূত্ৰত প্ৰকাশ ।বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকজনক অইনাম কেনেগি (২৪) বুলি চিনাক্ত কৰা হৈছে । আনহাতে, আহত দুজনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । আহত দুয়োগৰাকী ব্যক্তিক চহৰখনৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

লগতে পঢ়ক : Methamphetamine and heroin seized in mizoram : অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ বৃহৎ সফলতা; মিজোৰামত জব্দ ৩৫ কোটি টকাৰ মেথামফেটামাইন আৰু হেৰ’ইন