Local, Vocal, Global

Daily Horoscope for 24th February : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে ৷ আজি আপুনি পৰিয়ালক সময় দিয়াত ব্যৰ্থ হ’ব ৷ মনলৈ বিপৰীত চিন্তা আহিবলৈ নিদিব ৷ ভ্ৰমণ বাতিল কৰক ৷ চৰকাৰী কাম সম্পূৰ্ণ কৰাত সফল হ’ব ৷

বৃষ ৰাশি: আপোনাৰ আজি নিজৰ ওপৰত বিশ্বাস বাঢ়িব আৰু লক্ষ্য স্থিৰ হ’ব ৷ পিতৃ মাতৃৰ পৰা ভাল খবৰ পাব ৷ চৰকাৰী কামত সফল হ’ব ৷ আজি আপোনাৰ আয় বৃদ্ধি হ’ব ৷

মিথুন ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে উচিত সময় ৷ চৰকাৰৰ পৰা পাবলগীয়াখিনি পাব ৷ কৰ্মক্ষেত্ৰত আপোনাৰ সকলোৰে পৰা সহায়-সহযোগিতা লাভ কৰিব ৷ আজি এটা সৰু ভ্ৰমণত যাব পাৰে ৷

কৰ্কট ৰাশি : বিপৰীত চিন্তাধাৰা পৰিত্যাগ কৰক ৷ আপুনি শাৰীৰিকভাৱে আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ পৰিয়ালৰ সদস্যসকলৰ লগত তৰ্কৰ পৰা আঁতৰত থাকক অন্যথা আপোনাক তেওঁলোকে ভুল বুজিব পাৰে ৷ খৰচ যিমান পাৰি সিমান কমাবলৈ চেষ্টা কৰক ৷

সিংহ ৰাশি: আজি আপুনি সম্পূৰ্ণ বিশ্বাসেৰে নিজৰ কাম সম্পন্ন কৰিব ৷ সামাজিক ক্ষেত্ৰত নাম আৰু সন্মান বুটলিবলৈ সক্ষম হ’ব ৷ কথা কওঁতে সাৱধান হওক ৷ খং ত্যাগ কৰক ৷ শৰীৰৰ যত্ন লওক ৷

কন্যা ৰাশি: আত্মমৰ্যদা হানি হ’ব পাৰে, সাৱধানে থাকক ৷ আপুনি শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল অনুভৱ কৰিব ৷ যি আপোনাক চিন্তাত পেলাব ৷ খং আৰু আক্ৰমনাত্মক আচৰণে আপোনাৰ দিন বেয়া কৰি তুলিব ৷ ধৰ্মীয় কামত খৰচ কৰিবলগীয়া হ’ব পাৰে ৷

তুলা ৰাশি: আজি আপোনাৰ দিনটো শুভ ৷ কেইবাটাও দিশত লাভে আপোনাক আনন্দিত কৰিব ৷ আমদানি বাঢ়িব ৷ ভ্ৰমণৰ যোগ আছে ৷ মহিলা বন্ধুৰ সৈতে হোৱা সাক্ষাৎকাৰে আপোনাক আনন্দ দিব ৷ বিবাহ প্ৰাৰ্থীসকলে মনে বিচৰা সংগী লাভ কৰিব ৷

বৃশ্চিক ৰাশি: আজিৰ দিনটো লাভজনক ৷ আপোনাৰ কৰ্মক্ষেত্ৰৰ পৰিবেশ আপোনাৰ অনুকূল হ’ব ৷ আপোনাৰ বচ আপোনাৰ কামত সুখী হ’ব ৷ আজি আপোনাৰ কাম সহজে শেষ কৰিব পাৰিব ৷ পদোন্নতিৰ যোগ আছে ৷

মকৰ ৰাশি: হঠাৎ শৰীৰত অসুস্থতা অনুভৱ কৰিব আৰু তাৰ বাবে খৰচো বাঢ়িব ৷ সামাজিক আৰু দৈনন্দিন কামবোৰ সময়মতে হৈ থাকিব ৷ বিপৰীত চিন্তা বাদ দিয়ক ৷ কৰ্মক্ষেত্ৰত পৰিবেশ সুন্দৰ হ’ব ৷ আপুনি আৰু আপোনাৰ ব্যৱসায়ৰ ভাগিদাৰৰ মাজত সহযোগিতাৰ অভাব হ’ব ৷

কুম্ভ ৰাশি: আপোনাৰ কামবোৰ সতৰ্কতা আৰু লক্ষ্য স্থিৰকে কৰি যাব ৷ ভ্ৰমণত যাব পাৰে ৷ সুন্দৰ সাজ পৰিধান কৰিব পাৰে ৷নতুন বাহন ক্ৰয় কৰাৰ যোগ ৷

মীন ৰাশি: আজি আপোনাৰ বাবে এটা লাভজনক দিন ৷ আপোনাৰ আত্মবিশ্বাস আৰু লক্ষ্যই পূৰ্ণতা প্ৰাপ্তি কৰিব ৷ শৰীৰৰ পৰা কোনো অসুবিধা লাভ নকৰে ৷ ঘৰৰ পৰিবেশ সুন্দৰ হ’ব ৷ আপোনাৰ প্ৰতিযোগীসকলৰ পৰাজয় হ’ব ৷ খঙাল হৈ নপৰিব ৷ আপোনাৰ সহকৰ্মীসকলে সহায়-সহযোগিতা আগবঢ়াব ৷