Watch | Two women were arrested with banned brown sugar in Lamding railway junction: লামডিং ৰেলৱে জংচনত নিষিদ্ধ ব্ৰাউন চুগাৰ সহ আটক দুই মহিলা সৰৱৰাহকাৰী
লামডিং : লামডিং ৰেলৱে জংচনত নিষিদ্ধ ব্ৰাউন চুগাৰ সহ আটক দুই মহিলা সৰৱৰাহকাৰী ৷ ১৫৯৬৮ নম্বৰৰ নামনিমুৱা লিডু-ৰঙিয়া এস্কপ্ৰেছ ৰেলৰ পৰা আটক কৰে ৰেল আৰক্ষীয়ে ৷
ৰেল আৰক্ষীয়ে অভিযান চলাই ৰেলখনৰ পৰা দুয়োগৰাকী মহিলাক আটক কৰে ৷ অভিযানত ২৪.২৭ গ্ৰাম নিষিদ্ধ ব্ৰাউন চুগাৰ সহ হোজাই জিলাৰ মোৰঝাৰৰ আফছাৰা বেগম আৰু ৰহিমা বেগমক ৰেল আৰক্ষীয়ে আটক কৰে ৷
দুয়োগৰাকী মহিলা সৰৱৰাহকাৰীয়ে নিষিদ্ধ ব্ৰাউন চুগাৰখিনি ৰেলযোগে ডিমাপুৰৰ পৰা হোজাইৰ মোৰঝাৰলৈ সৰৱৰাহ কৰাৰ সন্দেহ ৰেল আৰক্ষীৰ ৷ জব্দকৃত ব্ৰাউনচুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ২লাখ ৪০ হাজাৰ টকা হ’ব বুলি জানিব দিয়ে ৷