Local, Vocal, Global

Two poachers arrested in Kaziranga with Hog Deer meat : কাজিৰঙাৰ বাগৰিত উদ্ধাৰ হৰিণাৰ মাংস; গ্ৰেপ্তাৰ দুই যুৱকক

নিউজ ডেস্ক,জুলাই : কাজিৰঙাত উদ্ধাৰ হৰিণাৰ মাংস ৷ বুধবাৰে নিশা কাজিৰঙাৰ বাগৰিত কাজিৰঙা বন বিভাগৰ অভিযান । অভিযানত গীতাঞ্জলি নামৰ AS 02AC 0219 নম্বৰৰ এখন ULTRA বাছত উদ্ধাৰ কেবাকেজি ওজনৰ হৰিণাৰ মাংস ৷ লগতে আটক কৰে দুজন যুৱকক ৷ যুৱকদ্বয়ৰ নাম সুনীল তাঁতী আৰু অজয় মোদী বুলি জানিব পৰা গৈছে(Two poachers arrested in Kaziranga with Hog Deer meat) ৷

শেহতীয়া খবৰ অনুসৰি, ধৃত দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ইফালে বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি, জব্দকৃত মাংসখিনিৰ ওজন প্ৰায় ১৫ কেজি ৷

প্ৰাথমিক তদন্তত জব্দকৃত মাংসখিনি ঘৰত খাবলৈ নিয়া বুলিহে তথ্য লাভ কৰিছে বন বিভাগে । এই সন্দৰ্ভত অধিক তথ্যৰ বাবে কাজিৰঙা বন বিভাগে আৰম্ভ কৰিছে অভিযান ৷ কিন্তু এই বাতৰি পোহৰলৈ অহাৰ পাচতে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷

এক বিশেষ সূত্ৰৰ জৰিয়তে এই খবৰ লাভ কৰিছিল কাজিৰঙা বন বিভাগৰ লোকে ৷ খবৰ পোৱাৰ মাত্ৰে অভিযান আৰম্ভ কৰে বন বিভাগৰ দলটোৱে(Two poachers arrested in Kaziranga with Hog Deer meat) ৷

লগতে পঢ়ক : Kampur Flood Situation Grim : অপৰিৱৰ্তিত কামপুৰৰ বান পৰিস্থিতি