Local, Vocal, Global

Two people killed while cleaning well : কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ মৃত্যু দুজনকৈ লোকৰ

নিউজ ডেস্ক,৫জুন : তামুলপুৰত অঘটন । কুঁৱা পৰিষ্কাৰ কৰিবলৈ গৈ মৃত্যু দুজনকৈ লোকৰ(Two people killed while cleaning well )।

তামুলপুৰৰ ১নং কালিপুৰত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ।কুঁৱা চাফা কৰিবলৈ গৈ মৃত্যু হয় দুজন লোকৰ। মৃত লোক দুজন তপন ৰাজবংশী আৰু চন্দ্র বাহাদুৰ লিম্বু বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, কুঁৱাৰ ভিতৰত অক্সিজেনৰ অভাৱ হোৱা ফলতে দুজনৰ মৃত্যু হোৱা বুলি একাংশই সন্দেহ কৰিছে। ইতিমধ্যে এই ঘটনাটো সংঘটিত হোৱাৰ পিছতে SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ SDRF তৎপৰতাত কুঁৱাৰ ভিতৰৰ পৰা লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰু আৰক্ষীয়ে দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে(Two people killed while cleaning well in Tamulpur)।

লগতে পঢ়ক : World Environment Day : আজি বিশ্ব পৰিৱেশ দিৱস