Local, Vocal, Global

Two most wanted Bangladeshi terrorists : গুৱাহাটীত গ্ৰেপ্তাৰ দুজন দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী

নিউজ ডেস্ক,১৪মে’ : গুৱাহাটীত গ্ৰেপ্তাৰ দুজন দুৰ্ধৰ্ষ বাংলাদেশী উগ্ৰপন্থী ।পল্টন বজাৰ ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ দুই উগ্ৰপন্থী । ধৃত উগ্ৰপন্থী দুজন বাহাৰ মিঞা আৰু ৰাছেল মিঞা । গ্ৰেপ্তাৰ কৰা উগ্ৰপন্থী দুজন আনছাৰুল্লাহ বাংলাদেশৰ সদস্য ।দুয়ো গুজৰাটৰ পৰা দ্বাৰকা এক্সপ্ৰেছযোগে গুৱাহাটীলৈ আহিছিল ।গ্ৰেপ্তাৰৰ পিছতে দুয়োকে লৈ যোৱা হয় অসম আৰক্ষীৰ বিশেষ শাখালৈ(Two Bangladeshi terrorists arrested from Guwahati railway station)।

জানিব পৰা মতে, AQISৰ নেতাক আধাৰ কাৰ্ডকে ধৰি বিভিন্ন নথি-পত্ৰ প্ৰস্তুত কৰি সহায় কৰিছিল তেওঁলোকে।গুৱাহাটী-আগৰতলা হৈ বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল দুয়ো। AQIS হ’ল ইছলামিক সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ এটা শাখা তথা ইছলামিক জেহাদী সংগঠন। পাকিস্তান, আফগানিস্তান, ভাৰত, ম্যানমাৰ আৰু বাংলাদেশক ইছলামিক দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে ষড়য়ন্ত্ৰ ৰচি AQISৰ জেহাদীয়ে কাম কৰি আহিছে। বাংলাদেশত একেটা লক্ষ্যৰে কাম কৰি যোৱা অল কায়দাৰ শাখাটো আনছাৰুল্লা বাংলা টীম বা ABT(Two most wanted Bangladeshi terrorists)।

বাংলাদেশৰ এই জেহাদী সংগঠন ABTৰে সদস্য পল্টন বজাৰ ৰে’লৱে ষ্টেচনত গ্ৰেপ্তাৰ হোৱা দুই ইছলামিক জেহাদী।চোৰাংচোৱাৰ মোষ্ট ৱাণ্টেডৰ তালিকাত আছিল দুয়োজন সদস্য। দুই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীক SBত মাৰথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ধৃত বাহাৰ মিয়া আৰু ৰাছেল মিয়াক বিয়লি হাজিৰ কৰোৱা হ’ব আদালতত।

লগতে পঢ়ক : Mizoram Police Seize Drugs and Areca Nuts in Three Separate Operations : মিজোৰামত জব্দ বুজন পৰিমাণৰ হেৰ’ইন আৰু নিচাজাতীয় টেবলেট