Two Militants Killed as Infiltration Bid Foiled in Kupwara: জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ মুখামুখি সংঘৰ্ষ;নিহত দুই সন্ত্ৰাসবাদী

নেশ্যনেল ডেস্ক,৫ অক্টোবৰ : পুনৰ উত্তপ্ত জম্মু-কাশ্মীৰ। জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ মুখামুখি সংঘৰ্ষ ।সংঘৰ্ষ নিহত দুই সন্ত্ৰাসবাদী(2 militants killed in Kupwara)।
শেহতীয়াকৈ জম্মু-কাশ্মীৰ আৰক্ষী আৰু ভাৰতীয় সেনাই অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছৰে পৰা অব্যাহত ৰাখিছিল তালাচী অভিযান। তালাচী অভিযানৰ সময়তে জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত ভয়ংকৰ সংঘৰ্ষ হয়। অনুপ্ৰৱেশৰ চেষ্টা কৰা সন্ত্ৰাসবাদীক লক্ষ্য কৰি সেনাই গুলীচালনা কৰে । এনকাউণ্টাৰত দুটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি বিষয়াসকলে নিশ্চিত কৰিছে । সেনাই সন্ত্ৰাসবাদীকেইটাৰ পৰা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে(2 Militants Killed As Infiltration Bid Foiled In Kupwara)।
এগৰাকী সেনা বিষয়াই জনোৱা মতে গুগলধৰ অঞ্চলত শুকুৰবাৰে সন্দেহজনক গতিবিধি লক্ষ্য কৰিছিল । সন্ত্ৰাসবাদীৰ এটা দলে পাকিস্তানৰ দিশৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ প্ৰচেষ্টা চলাই আছিল । তাৰ পিছতে অঞ্চলটোত গুলীচালনা আৰম্ভ হয়(Two Militants Killed as Infiltration Bid Foiled in Kupwara)।
শ্ৰীনগৰস্থিত চিনাৰ কৰ্পছে এক্সত লিখিছে, “চলিত অপাৰেশ্যন গুগলধৰত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হৈছে দুই সন্ত্ৰাসবাদী । যথেষ্ট পৰিমাণৰ মাৰণাস্ত্ৰও উদ্ধাৰ কৰা হৈছে । অঞ্চলটোত অনুসন্ধানৰ সমান্তৰালকৈ অভিযান চলি আছে ।”
ইয়াৰ পূৰ্বে শুকুৰবাৰে উত্তৰ কাশ্মীৰ জিলাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজতো গুলীবৰ্ষণ হোৱাৰ কথা জানিব পৰা গৈছিল । চিনাৰ কৰ্পছে এক্সৰ এটা পোষ্টত লিখিছিল,”২০২৪ চনৰ ৪ অক্টোবৰত অনুপ্ৰৱেশৰ প্ৰচেষ্টাৰ বিষয়ে চোৰাংচোৱা তথ্যৰ ওপৰত ভিত্তি কৰি কুপৱাৰাৰ গুগলধৰত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া অভিযান আৰম্ভ কৰা হৈছিল । সতৰ্ক সেনাই সন্দেহজনক কাৰ্যকলাপ প্ৰত্যক্ষ কৰে আৰু প্ৰত্যাহ্বান জনায় । যাৰ ফলত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ হয় । অপাৰেচন চলি আছে ।”