Local, Vocal, Global

Thief terro in Jamugurihat : জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস

জামুগুৰিহাট,৫অক্টোবৰ : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস । দিন দুপৰতে চিলনী চোৰে কাঢ়ি লৈ যায় বিভিন্ন মূল্যবান সামগ্ৰী ৷

বিগত কেইবাদিন ধৰি ৰাজ্যত প্ৰায়েই সংঘটিত হৈ আহিছে ম’বাইল চুৰিৰ ঘটনা ৷ যদি কেতিয়াবা কাৰোবাৰ জেপৰ পৰা কাঢ়িছে, কেতিয়াবা আকৌ কথা পাতি থকা অৱস্থাতেই চোৰে কাঢ়ি লৈ যায় ম’বাইল ৷ মুঠতে ৰাজ্যত একপ্ৰকাৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে চোৰে(Thief terro in Jamugurihat) ৷

পুনৰ জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস ।জামুগুৰিহাটত চিলনী চোৰে চিলনী চোৰে কাঢ়ি নিলে মহিলাৰ ডিঙিৰ চেইন। শলগুৰি ভেটখোৱাচুক গাঁৱৰ শেৱালী শইকীয়া নামৰ মহিলাগৰাকীৰ ডিঙিৰ পৰা থপিয়াই নিলে সোণৰ চেইন৷

জানিব পৰা মতে,শেৱালী শইকীয়া নামৰ মহিলাগৰাকীয়ে ঘৰৰ পৰা ওলাই যাওতেই এখন বাইকত অহা হেলমেট পৰিহিত এটা দুৰ্বৃত্তই থপিয়াই নিলে চেইনডাল৷

ইতিমধ্যে ভুক্তভুগি মহিলাগৰাকীয়ে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে, বিগত কেইবামাহ ধৰি চিলনী চোৰে সন্ত্ৰাস সৃষ্টি কৰি আহিছে জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত৷

লগতে পঢ়ক :Two Militants Killed as Infiltration Bid Foiled in Kupwara: জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিৰাপত্তাৰক্ষীৰ সৈতে সন্ত্ৰাসবাদীৰ মুখামুখি সংঘৰ্ষ;নিহত দুই সন্ত্ৰাসবাদী