Local, Vocal, Global

Two Mariani girls reported missing : মৰিয়নিত নিখোজ দুই ছাত্ৰী; নিৰুদ্দেশ ছাত্ৰী দুগৰাকী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া আছিল

মৰিয়নী, ১৭ ফেব্ৰুৱাৰী : পুনৰ ৰাজ্যত নিৰুদ্দেশৰ ঘটনা । এইবাৰ মৰিয়নিত নিখোজ দুই ছাত্ৰী । বিগত ৫দিনৰ পৰা নিখোজ দুই ছাত্ৰী । নিৰুদ্দেশ ছাত্ৰী দুগৰাকী এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া আছিল। চলিত সপ্তাহৰ সোমবাৰৰ পৰা মৰিয়নীৰ নাগাজংকা কল্যাণপুৰৰ পৰা সন্ধানহীন হৈ আছে নাবালিকা দুগৰাকী । বিগত পাঁচদিনে ছাত্ৰী দুগৰাকী সন্ধানহীন হোৱা ঘটনাই এতিয়াই মৰিয়নীৰ লগতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে( Two Mariani girls reported missing, draw parallels to Noonmati case )।

জানিব পৰা মতে, সন্ধানহীন ছাত্ৰী দুগৰাকীৰ এগৰাকী মৰিয়নী ১নং কল্যাণপুৰৰ নিত্য কোচৰ কন্যা অনুষ্কা কোচ আৰু আনগৰাকী ২ নং কল্যাণপুৰৰ কৰুণা চুতীয়াৰ কন্যা গায়ত্ৰী চুতীয়া। গায়ত্ৰী চুতীয়া এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল। সোমবাৰে দুই ছাত্ৰীয়ে একেলগে নিজ গৃহৰ পৰা ওলাই গৈছিল। তাৰ পিছৰে পৰা দুয়োৰে কোনো খবৰ পৰিয়ালে পোৱা নাই। ইয়াৰ পিছতেই ছাত্ৰী দুগৰাকী নিখোঁজ সন্দৰ্ভত মৰিয়নী আৰক্ষীক পৰিয়ালে এজাহাৰ প্ৰদান কৰিছে যদিও আজি পৰ্যন্ত সিহঁতৰ কোনো সম্ভেদ ওলোৱা নাই( Two Mariani girls reported missing)।

উল্লেখ যে, সন্ধানহীন অনুষ্কা কোচে হোৱাটচএপ যোগে ঘৰৰ এগৰাকী বায়েকলৈ বুধবাৰে এক বাৰ্তা প্ৰেৰণ কৰিছে। WhatsApp মেছেজত লিখিছে, “আমি ভালে আছো। আমাৰ কাৰণে চিন্তা কৰিব নালাগে। আমি ল’ৰাৰ লগত নাই। আমি দুয়োজনী একেলগে ধুনীয়াকৈ আছো।” সন্ধানহীন হোৱাৰ দুদিনৰ পাছত ছাত্ৰী দুগৰাকীৰ বুলি এটা মেচেজ পৰিয়ালে পাইছে যদিও সিহঁত ক’ত আছে সেই কথা জানিব পৰা হোৱা নাই।

আনহাতে ছাত্ৰী দুগৰাকীৰ হাতত থকা ম’বাইলৰ লোকেশ্বনৰ যোগেদি সন্ধান ওলিৱাৰ ক্ষেত্ৰত মৰিয়নি আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।ছাত্ৰী দুগৰাকীৰ জীৱনক লৈ শংকিত হৈ পৰিছে পৰিয়ালৰ লোক। কোনো নাৰী দেহ ব্যৱসায়ী চক্ৰৰ প্ৰলোভনৰ কবলত পৰাৰ সন্দেহ কিশোৰী দুগৰাকী।

লগতে পঢ়ক : ED summons case : আজি ৰাউজ এভিনিউ আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল