Local, Vocal, Global

ED summons case : আজি ৰাউজ এভিনিউ আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ

নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী : আজি ৰাউজ এভিনিউ আদালতত হাজিৰ হোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ । দিল্লী আবকাৰী কেলেংকাৰীৰ গোচৰত চমন জাৰি কৰিছিল মুখ্যমন্ত্ৰী গৰাকীলৈ আৰু সেই অনুসৰি আজি অতিৰিক্ত মহানগৰ দণ্ডাধীশ দিব্যা মালহোত্ৰাৰ আদালতত হাজিৰ হ’ব লাগিব মুখ্যমন্ত্ৰী কেজৰিৱাল । ইডিৰ চমনক অহৰহ আওকাণ কৰাৰ বাবে ৭ ফেব্ৰুৱাৰীত ৰাউজ এভিনিউ আদালতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল( ED Summons Case Heard in Delhi Court, Eyes Now on Confidence Motion) ।

আদালতত শুনানিৰ সময়ত ইডিৰ হৈ হাজিৰ হোৱা এ এছ জি এছ ভি ৰাজুৱে আদালতত কয় যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ধাৰাবাহিকভাবে চমনক আওকাণ কৰি আছে । তেওঁ কৈছিল যে ধন সৰবৰাহৰ আইনৰ ৫০ নং ধাৰাত অৰবিন্দ কেজৰিৱাললৈ পাঁচবাৰ চমন প্ৰেৰণ কৰা হৈছে যদিও আটাইকেইবাৰ কেজৰিৱালে চমন আওকাণ কৰি ইডিৰ সন্মুখত হাজিৰ নহ’ল । ইয়াৰ পাচত আদালতে ইডিৰ অভিযোগৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে( arvind kejriwal in court today in delhi excise scam case) ৷

উল্লেখ্য যে, দিল্লী আবকাৰী কেলেংকাৰী গোচৰত ন্যায়িক জিম্মাত আছে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোদিয়া আৰু ৰাজ্যসভাৰ সদস্য সঞ্জয় সিং । ইডিয়ে ২০২৩ চনৰ ৪ অক্টোবৰত সঞ্জয় সিঙক তেওঁৰ চৰকাৰী বাসগৃহত সোধা-পোছা কৰি গ্ৰেপ্তাৰ কৰিছিল । ২০২৩ চনৰ ৯ মাৰ্চত জেৰাৰ অন্তত তিহাৰ জেলৰ পৰা ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল মণীষ ছিছোদিয়াক ।

লগতে পঢ়ক : Six Arrested In Arms Looting Case, Weapons Recovered : আই আৰ বি ৰ পৰা অস্ত্ৰ লুণ্ঠনৰ গোচৰত গ্ৰেপ্তাৰ ৬ জন, উদ্ধাৰ অস্ত্ৰসহ গোলাবাৰুদ