Local, Vocal, Global

পুনৰ আৰক্ষীৰ জালত দুই ড্ৰাগচ সৰবৰাহকাৰী

নিউজ ডেস্ক, ২৭ মাৰ্চ : ৰাজ্যত অব্যাহত আছে ড্ৰাগচৰ সৰবৰাহ। পুনৰ আৰক্ষীৰ জালত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী । বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ তত্‍পৰতাত হিৰোইনসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়l শনিবাৰে এক গোপন সুত্ৰৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ছাটাগাঁওত অভিযান চলাই দুই ড্ৰাগচ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় তাৰাবাৰী আৰক্ষীয়ে।
ধৃত যুৱক দুজন বৰপেটা জিলাৰ কলগাছিয়াৰ আবুল হুছেইনৰ পুত্ৰ তালিমুল ইছলাম আৰু প্ৰয়াত আব্দুল ছামাদ খানৰ পুত্ৰ মইদুল ইছলাম খান বুলি জানিব পৰা গৈছে।
 ধৃত যুৱক দুজনৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জনা গৈছে।