আলফা শিবিৰৰ পৰা পলায়ন কৰা দুগৰাকী কেডাৰ অসম আৰক্ষীৰ জালত

নিউজ ডেস্ক, ৭ জুন : ৩১ মে’ত আলফা(Ulfa) শিবিৰৰ পলায়ন কৰা দুগৰাকী কেডাৰ সম্প্ৰতি অসম আৰক্ষীৰ(Assam Police) জালত।
অসম ৰাইফলছে (Assam Rifles) ম্যানমাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰা অৱস্থাত দুগৰাকী কেডাৰ ক্ৰমে সুৰজিত গগৈ ওৰফে খেপ’ অসম শ্যামল বৰুৱা ওৰফে নিয়ৰ অসমক গ্ৰেপ্তাৰ কৰিছিল।
অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ লাজু নামৰ ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দুই কেডাৰ ।
আসাম ৰাইফলছে গ্ৰেপ্তাৰ কৰা আলফা স্বাধীনৰ দুগৰাকী কেডাৰক অসম আৰক্ষীক গতাই দিয়ে অৰুণাচল আৰক্ষীয়ে। দুগৰাকী কেডাৰ অসম আৰক্ষীৰ জালত
সম্প্ৰতি, তিনিচুকীয়া জিলাৰ আৰক্ষী থানাত আলফা স্বাধীনৰ কেডাৰ দুগৰাকীক অসম আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।