Local, Vocal, Global

বিয়া খোৱা নহ’ল আঢ়ৈ বছৰীয়া কণমানি শৰ্মিষ্ঠাৰ,বিয়া খাবলৈ গৈ মৃত্যু আঢ়ৈ বছৰীয়া কণমানি…

ডিজিটেল ডেস্ক:- দেৰগাঁৱত শোকাৱহ পথ ঘটনা। বিয়া খোৱা গৈ ঘৰলৈ ওভতি নাহিল আঢ়ৈ বছৰীয়া কণমানি শমিষ্ঠা । ই-ৰিক্সাৰ খুন্দাত মৃত্যুক আকোঁৱালি ল’লে আঢ়ৈ বছৰীয়া কণমানিয়ে।সুৰাপায়ী ই-ৰিক্সা চালকে প্ৰাণ ল’লে এজনী ফুলকুমলীয়া ছোৱালীৰ ।বিয়া খাবলৈ আহি কৰুণ মৃত্যুক সাৱতিলে কণমানি শৰ্মিষ্ঠা দাসে । দেৰগাঁৱৰ দিচৈ তিনিআলিত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। মাতৃৰ সৈতে ই-ৰিক্সাত উঠি বিয়া খাবলৈ আহিছিল ফুলকুমলীয়া শৰ্মিষ্ঠাই । সুৰাপায়ী ই-ৰিক্সাৰ চালকে সংঘটিত কৰিলে দুৰ্ঘটনা।বাগৰি পৰা ই ৰিক্সাৰ হেঁচাত কৰুণ মৃত্যু হয় কণমানি জনীৰ । ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পিছত চিকিৎসকে মৃত ঘোষণা কৰে কনমানিজনীক ।এই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে সমগ্ৰ দেৰগাঁৱতে । শমিষ্ঠাৰ ঘৰ দেৰগাঁৱৰ বাঁহগুৰিৰ হুটাৰ গাঁৱত বুলি জানিব পৰা গৈছে। ঘটনাপ পাছতে ই-ৰিক্সাৰ চালকক গ্ৰেপ্তাৰৰ দাবী জনাইছে স্থানীয় ৰাইজে।