ৰাষ্ট্ৰীয় ঘাইপথেৰে ট্ৰাকে ট্ৰাকে মেঘালয় হৈ বাংলাদেশলৈ অব্যাহত গৰুৰ সৰবৰাহ

নিউজ ডেক্স,২৫ জুলাই : অবৈধ গো সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ আইন প্ৰণয়ন ।কিন্তু তাৰ পিছতো ৰাজ্য়ত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ।
কলিয়াবৰ আৰক্ষীৰ অভিযানত জব্দ এখনৰ পিছত আনখন গৰুভৰ্তি বাহন। বিগত ২৪ ঘণ্টাত কলিয়াবৰত ২০৭ টা গৰুসহ ৮ খন গৰুভৰ্তি বাহন জব্দ কৰে আৰক্ষীয়ে।
সোমবাৰে পুৱা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে দুখন অবৈধ গৰু ভৰ্তি বাহন। নিশা জব্দ কৰা বাহন কেইখনৰ নম্বৰ AS-03-CC-2541, AS-12-BC-8192, AS-02-CC-9025।
আনহাতে সোমবাৰে পুৱা বাগৰি আৰক্ষীয়ে জব্দ কৰা বাহন কেইখনৰ নম্বৰ AS-02-BC-7318, AS-02-BC-5715 আৰু AS-01-BC-9943। বাগৰি আৰক্ষীয়ে জব্দ কৰা পাঁচখন বাহনৰ পৰা উদ্ধাৰ কৰা হয় ৮৫ টা গৰু।
আনহাতে সোমবাৰে পুৱা কলিয়াবৰ আৰক্ষীয় জব্দ কৰা কণ্টেইনাৰৰ নম্বৰ AS 01 CC 8269 আৰু আনখন ট্ৰাকৰ নম্বৰ AS 02 CC 8834। দুয়োখন ট্ৰাকৰ পৰা কলিয়াবৰ আৰক্ষীয়ে জব্দ মুঠ ৮২ টা গৰু।
উল্লেখ্য যে দেওবাৰেও ৪০ টা গৰুসহ AS-01-BC-9943 নম্বৰৰ কণ্টেইনাৰ জব্দ কৰিছিল কলিয়াবৰ আৰক্ষীয়ে।দেওবাৰে নিশা কলিয়াবৰৰ কুঠৰীত জব্দ হয় তিনিখনকৈ গৰুভৰ্তি বাহন।
কলিয়াবৰ আৰক্ষীৰ এই অভিযানত চালক-হেণ্ডিমেনসহ ৮ সৰবৰাহকাৰীক আটক কৰা হয়। আৰক্ষীয়ে আটক কৰে ছুৰেন মুণ্ডা¸ জুলফিকুৰ আলি¸ মফিজুদ্দিন¸ বিনোদ বাউড়ী¸ জীয়াবুৰ ৰহমান¸ মুক্তাৰ হুছেইন, হাৰুন ৰছিদ আৰু আৰিফুল ইচলামক।