Cow bones seized in Margherita : মাৰ্ঘেৰিটাত জব্দ গৰু হাড় ভৰ্তি ট্ৰাক

মাৰ্ঘেৰিটা, ১০জুন : ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ (Cattle Smuggling at Makum)৷ সমগ্ৰ ৰাজ্যতে অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police Drive Against drugs)।
ড্ৰাগছ,পশুধন সৰবৰাহ আদিৰ বিৰুদ্ধে সষ্টম ৰাজ্যৰ প্ৰশাসন। অসম আৰক্ষীয়ে বিভিন্ন সময়ত বিভিন্ন বে-আইনী কামৰ বিৰুদ্ধে চলাই আহিছে অভিযান। আৰক্ষী-প্ৰসাশন যিমানে সষ্টম হৈছে সিমানে বাঢ়ি গৈছে অপৰাধীৰ সংখ্যা। একাংশ অসাধু চক্ৰই ঠায়ে ঠায়ে বিভিন্ন অঞ্চলত এতিয়াও চলাই চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়।
ৰাজ্য চৰকাৰে পশুধনৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ২০২১ চনত গো-সুৰক্ষা আইন প্ৰণয়ন কৰিছিল। এই গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে। গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত বাধা আৰোপ কৰিছে যদিও এতিয়াও ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ।
অবৈধ গৰু সৰবৰাহ ক্ষেত্ৰত পূৰ্বতকৈ অধিক কঠোৰ হৈছে অসম আৰক্ষী।ৰাজ্যত বিভিন্ন স্থানত দিনে নিশাই চলাই আছে অভিযান।বিভিন্ন স্থানত অভিযান চলাই ইতিমধ্য়ে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু সৰবৰাহকাৰী।
কিন্তু একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি নিতৌ নতুন নতুন পন্থা অৱলম্বন কৰি সৰবৰাহ কৰি আছে গৰু।কেতিয়াবা যদি নৈশ বাছত কেতিয়াবা আকৌ কন্টেইনাৰ বাহনৰ ভিতৰত গৰু সৰবৰাহ কৰি আহিছে অসাধু চক্ৰটোৱে(Cattle smuggling in Assam)। গঢ় লৈ উঠিছে গৰুৰ এক বৃহত ছিণ্ডিকেট। আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনী কঠোৰ হোৱাৰ ফলত এক প্ৰকাৰৰ বন্ধ হ’বলৈ ধৰিছিল গৰুৰ চোৰাং সৰবৰাব আৰু ব্যৱসায়। আৰক্ষীৰ ধাৰাবাহিক অভিযান চলাই অহাৰ সময়তে আৰক্ষীৰ চকুত ধূলি দি চলাই আছে গৰু সৰবৰাহ।
এইবাৰ মাৰ্ঘেৰিটাত গৰু হাড় ভৰ্তি ট্ৰাক জব্দ। অবৈধ গো সৰবৰাহৰ সমান্তৰালকৈ গৰু হাড়ৰো অবৈধ বেহা চলি থকাৰ সন্দেহ ৰাজ্যত।
মাৰ্ঘেৰিটাত নিশা জব্দ কৰে গৰু হাড় ভৰ্তি ট্ৰাক। ৰাজ্যত অবৈধ গৰু বেহাৰ সমান্তৰালকৈ গৰু হাড়ৰো অবৈধ বেহা চলি থকাৰ তথ্য পোহৰলৈ আহিছে। নিশা মাৰ্ঘেৰিটা সৎসঙ্গ বিহাৰ সমিপত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত UP25 ET8047 নম্বৰ এখন পঞ্জাৱ বডি ট্ৰাক গৰু হাড় অবৈধভাৱে সৰবৰাহ কৰাৰ সন্দেহত মাৰ্ঘেৰিটা আৰক্ষীয়ে জব্দ কৰিছে ।
জব্দকৃত ট্ৰাকখনৰ চালকে জানিবলৈ দিয়া অনুসৰি মাৰ্ঘেৰিটা মজিদ পট্ৰি এলেকাত গৰু হাড়খিনি বুজাই কৰি বৰগোলাই wight bridge ত ওজন কৰিবলৈ যাওঁতেই একাংশ যুৱকৰ তৎপৰতাৰ মাৰ্ঘেৰিটা আৰক্ষীয়ে জব্দ কৰে।
প্ৰায় ৫টন ওজনৰ হাড়খিনি মাৰ্ঘেৰিটাৰ পৰা চম্বলপুৰলৈ নিবৰ বাবে প্ৰস্ততি চলাইছিল এক দুষ্ট চক্ৰই। আন্তঃ ৰাষ্ট্ৰীয় বজাৰত হাড়খিনিৰ বজাৰ মূল্য কেইবালাখ টকা হ’ব বুলি এক সূত্ৰত প্ৰকাশ ।
বৰ্তমানে মাৰ্ঘেৰিটা আৰক্ষীয়ে সমগ্ৰ ঘটনা তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক : Man-Elephant conflict : শোণিতপুৰৰ চাৰিদুৱাৰত বন্যহস্তীৰ তাণ্ডৱ