Amrit Youth Arts Festival : “অমৃত যুৱ কলা উৎসৱ” ত “বিষ্ণু প্ৰসাদ ৰাভা” ৰ পুতলা নাট

নিউজ ডেস্ক, ১১ জুন : ত্ৰিপুৰাৰ আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সংগীত নাটক অকাডেমীৰ অধীনত ৭ জুনৰ পৰা ১০ জুনলৈ “অমৃত যুৱ কলা উৎসৱ” অনুষ্ঠিত হয় (Amrit Youth Arts Festival) । “অমৃত যুৱ কলা উৎসৱ”ৰ সাংস্কৃতিক সন্ধিয়াত যোৱা ১০ জুন তাৰিখে গুৱাহাটীৰ সুৰজিৎ একাডেমীয়ে এণ চি ই আৰ টি, চি চি আৰ টি, এছ চি আৰ টি আৰু বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট “বিষ্ণু ৰাভা” পৰিৱেশিত কৰা হয় (Amrit Youth Arts Festival)।
পুতলা নাট “বিষ্ণু ৰাভা” ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ । পুতলা নাট খনৰ পুতলা সমূহ সঞ্চালন কৰে বিনীতা দেৱী, পলক কৈৰী, নিহাৰিকা দাস, গীতিমা দাস, ধ্ৰুৱ জ্যোতি কলিতা, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী আৰু তৃষ্ণা কলিতাই (Bishnu Prasad Rabha)।
এই পুতলা নাট খনৰ চৰিত্ৰ সমূহত কণ্ঠস্বৰ আৰু সংগীত পৰিচালন কৰে অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মাই । “বিষ্ণু ৰাভা” নাট খনৰ সংগীত পৰিচালনা কৰে অভিজিৎ বৰ্মনে । নাটখনত বিষ্ণু প্ৰসাদ ৰাভাই স্বাধীনতা আন্দোলনত সংগীত, আবৃত্তি, নাটক আদিৰ জৰিয়তে কি দৰে জনগণক জাগ্ৰত কৰিছিল সেইসমূহ দৃশ্য দেখুওৱা হয় ।
উল্লেখ্য যে এই নাট খনত কোনো ধৰণৰ অস্ত্ৰৰে যুদ্ধ নকৰি সাংস্কৃতিক মাধ্যমেৰে বৈপ্লৱিক ধাৰাৰে প্ৰতিপক্ষক মষিমূৰ কৰি আগুৱাই গৈ পৰাভূত কৰিছিল শত্ৰু পক্ষক । সকলো জাতি উপজাতি, ধনী দুখীয়া সকলোকে একত্ৰিত কৰি কি দৰে জাগ্ৰত হৈছিল স্বাধীনতা আন্দোলনত সুন্দৰকৈ প্ৰতিফলিত কৰিছে নাট খনত। পুতলা নাটখন ছাঁ পুতলা আৰু লাঠী পুতলাৰ জৰিয়তে পৰিবেশন কৰা হয়।
পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালনত কোনো জড়তা ব্যৱহাৰ হোৱা নাই । মানৱৰ জৰিয়তে নাট খন পৰিবেশন কৰা যেন অনুভৱ কৰিছিল দৰ্শকে। প্ৰতিতো দৃশ্যই দশকৰ হৃদয়স্পৰ্শী আছিল । আগৰতলাত “অমৃত যুৱ কলা উৎসৱ”ৰ দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰে “বিষ্ণু প্ৰসাদ ৰাভা” নাট খনে । পুতলা নাটকৰ সফল মঞ্চায়নে আগৰতলাৰ সাধাৰণ নাট্যৰসিকৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বনামধন্য পৰিচালক, অভিনেতা, শিল্পী, সাহিত্যিক , শিক্ষাবিদ সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷
ইতিমধ্যে এই নাট খন ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক ক্ষেত্ৰ সমূহত ভাৰতৰ বিভিন্ন ৰাজ্যত পৰিৱেশন কৰি বহু সমাদৰ লাভ কৰিছে । তেখেতৰ পৰিচালনাৰ পুতলা নাট সমূহ অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব ।
নিউজ ডেস্ক, ১১ জুন : ত্ৰিপুৰাৰ আগৰতলাৰ ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সংগীত নাটক অকাডেমীৰ অধীনত ৭ জুনৰ পৰা ১০ জুনলৈ “অমৃত যুৱ কলা উৎসৱ” অনুষ্ঠিত হয় । “অমৃত যুৱ কলা উৎসৱ”ৰ সাংস্কৃতিক সন্ধিয়াত যোৱা ১০ জুন তাৰিখে গুৱাহাটীৰ সুৰজিৎ একাডেমীয়ে এণ চি ই আৰ টি, চি চি আৰ টি, এছ চি আৰ টি আৰু বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত পুতলা নাট “বিষ্ণু ৰাভা” পৰিৱেশিত কৰা হয়।
পুতলা নাট “বিষ্ণু ৰাভা” ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ । পুতলা নাট খনৰ পুতলা সমূহ সঞ্চালন কৰে বিনীতা দেৱী, পলক কৈৰী, নিহাৰিকা দাস, গীতিমা দাস, ধ্ৰুৱ জ্যোতি কলিতা, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী আৰু তৃষ্ণা কলিতাই।
এই পুতলা নাট খনৰ চৰিত্ৰ সমূহত কণ্ঠস্বৰ আৰু সংগীত পৰিচালন কৰে অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মাই । “বিষ্ণু ৰাভা” নাট খনৰ সংগীত পৰিচালনা কৰে অভিজিৎ বৰ্মনে । নাটখনত বিষ্ণু প্ৰসাদ ৰাভাই স্বাধীনতা আন্দোলনত সংগীত, আবৃত্তি, নাটক আদিৰ জৰিয়তে কি দৰে জনগণক জাগ্ৰত কৰিছিল সেইসমূহ দৃশ্য দেখুওৱা হয় ।
উল্লেখ্য যে এই নাট খনত কোনো ধৰণৰ অস্ত্ৰৰে যুদ্ধ নকৰি সাংস্কৃতিক মাধ্যমেৰে বৈপ্লৱিক ধাৰাৰে প্ৰতিপক্ষক মষিমূৰ কৰি আগুৱাই গৈ পৰাভূত কৰিছিল শত্ৰু পক্ষক । সকলো জাতি উপজাতি, ধনী দুখীয়া সকলোকে একত্ৰিত কৰি কি দৰে জাগ্ৰত হৈছিল স্বাধীনতা আন্দোলনত সুন্দৰকৈ প্ৰতিফলিত কৰিছে নাট খনত। পুতলা নাটখন ছাঁ পুতলা আৰু লাঠী পুতলাৰ জৰিয়তে পৰিবেশন কৰা হয়।
পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালনত কোনো জড়তা ব্যৱহাৰ হোৱা নাই । মানৱৰ জৰিয়তে নাট খন পৰিবেশন কৰা যেন অনুভৱ কৰিছিল দৰ্শকে। প্ৰতিতো দৃশ্যই দশকৰ হৃদয়স্পৰ্শী আছিল । আগৰতলাত “অমৃত যুৱ কলা উৎসৱ”ৰ দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰে “বিষ্ণু প্ৰসাদ ৰাভা” নাট খনে । পুতলা নাটকৰ সফল মঞ্চায়নে আগৰতলাৰ সাধাৰণ নাট্যৰসিকৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বনামধন্য পৰিচালক, অভিনেতা, শিল্পী, সাহিত্যিক , শিক্ষাবিদ সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি ৷
ইতিমধ্যে এই নাট খন ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক ক্ষেত্ৰ সমূহত ভাৰতৰ বিভিন্ন ৰাজ্যত পৰিৱেশন কৰি বহু সমাদৰ লাভ কৰিছে । তেখেতৰ পৰিচালনাৰ পুতলা নাট সমূহ অসমৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব ।
লগতে পঢ়ক : Miss World 2023 : ২৭ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব মিছ ৱৰ্ল্ড