এজন পুৰুষ, দুজনী যমজ ভগ্নী একেলগে হ’ল গৰ্ভৱতী , তাৰপিছত এংগেজমেন্ট
এজনী হ’ল এনা আৰু এজনী লুচি দুয়োগৰাকী হ’ল যময ভগ্নী । আৰু দুয়োগৰাকীৰ প্ৰেমিক আছিল বেন । বেনক প্ৰথম দেখাৰ পিছত দুয়োগৰাকী ভগ্নীৰ প্ৰেম হয় ।
আচল কথা হল ছোৱালী দুজনী কিন্তু ল’ৰা এজন । এইয়া কেনেকৈ সম্ভৱ । হয় এইয়া সম্ভৱ কিয়নো দুয়োগৰাকী ভগ্নীৰ মাজত আছিল বুজাবুজি এই সম্পৰ্কত কোনো বাধা নাছিল । ৰাতি শুৱাৰ পৰা খোৱা লৈকে একেলগে আছিল তিনিও ।এনা আৰু লুচিৰ সপোন আছিল একেলগে গৰ্ভৱতী হোৱা আৰু কথা মতে দুয়ো গৰ্ভৱতী হল তাৰপিছত বেন এ দুয়োগৰাকীৰ লগত এংগেছডমেন্ট কৰে ।
বিশ্বাস আৰু সঁচা প্ৰেম থাকিলে সকলো কৰিব পাৰি । যমজ ভগ্নীৰ এনে চিন্তা সঁচাই প্ৰেমৰ স্থান আৰু উচ্চ স্তৰত লৈ গৈছে । এতিয়া তিনিও প্ৰিন্স চাৰ্মিঙত থাকে। বেনে দুয়োগৰাকী ভগ্নীক একেলগেই প্ৰপোজ কৰে। আনকি তেওঁলোকৰ এনগেজমেণ্টৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।
বেনে প্ৰপোজ কৰি কয় যে ‘ দুয়োগৰাকীয়েই মোৰ বাবে সকলো’। আমি গোটেই জীৱন এনেকৈয়ে কটাব বিচাৰো । তেওঁলোকে বৰ্তমান অষ্ট্ৰেলিয়াত থাকে। কিন্তু দেশখনৰ আইন অনুসৰি, তিনিজনে একেলগে বিয়া কৰাব নোৱাৰে।