Local, Vocal, Global

তৃণমূল কংগ্ৰেছৰ বিধায়ক মানিক ভট্টাচাৰ্যক EDৰ চমন

নিউজ ডেস্ক, ২৭ জুলাই : তৃণমূল কংগ্ৰেছৰ বিধায়ক মানিক ভট্টাচাৰ্যই বুধবাৰে কলকাতাৰ প্ৰৱৰ্তন সঞ্চালকালয়ৰ কাৰ্যালয়ত  SSC শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত সোধা-পোছাৰ বাবে উপস্থিত হৈছে।

ৰাজ্যৰ শিক্ষা মন্ত্ৰী Partha Chaterjeeৰ গ্ৰেপ্তাৰৰ ঠিক পিছতে চমন আহিছিল তৃণমূল কংগ্ৰেছৰ বিধায়ক মানিক ভট্টাচাৰ্যলৈ।

শেহতীয়াকৈ, ভট্টাচাৰ্যকো আদালতৰ নিৰ্দেশৰ পিছত বংগৰ প্ৰাথমিক শিক্ষা পৰিষদৰ সভাপতিৰ পদৰ পৰা আঁতৰাই দিয়া হৈছিল।

বাতৰি অনুসৰি, তদন্ত সংস্থাটোৱে ভট্টাচাৰ্যৰ বাসগৃহত শেহতীয়াকৈ চলোৱা অভিযানৰ পৰা কথিত নিযুক্তি কেলেংকাৰী সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ নথি উদ্ধাৰ কৰে।

EDয়ে কৈছিল যে ভট্টাচাৰ্যক এই নথিসমূহৰ সন্দৰ্ভত প্ৰশ্ন কৰা প্ৰয়োজন।