প্ৰাক্তন ৰঞ্জি খেলুৱৈ প্ৰবোধ চৌধুৰীলৈ শেষ শ্ৰদ্ধা ACAৰ
বুধবাৰে সন্ধিয়া মৃত্যু হোৱা প্ৰাক্তন ৰঞ্জি খেলুৱৈ প্ৰবোধ চৌধুৰীলৈ শেষ শ্ৰদ্ধা জনালে অসম ক্ৰিকেট সন্থাৰ হৈ সম্পাদক দেৱজিত শইকীয়াই। নৱগ্ৰহ শ্মশানত আজি খেলুৱৈ গৰাকীৰ অন্তিম সৎকাৰ সম্পন্ন হয়।
১৯৫৯-৬০ বৰ্ষত ৰঞ্জি ক্রিকেটত অভিষেক ঘটোৱা প্রতিপক্ষ দলৰ সন্মুখত চাপৰ সৃষ্টি কৰা প্রাক্তন ৰঞ্জি খেলুৱৈ প্ৰবোধ চৌধুৰীৰ কালি সন্ধ্যা ৫.৫৫ বজাত মৃত্যু হয়। জামছেদপুৰত বিহাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ক্রিকেটত প্ৰৱেশ কৰা প্রাক্তন খেলুৱৈগৰাকীয়ে ১১ খনকৈ ৰঞ্জি মেচত অংশগ্রহণ কৰিছে। তেওঁ ১৯৫৫-৫৬ বর্ষত পূব মণ্ডলৰ হৈয়ো প্রতিদ্বন্দ্বিতা কৰিছিল। ১৯৩৮ত জন্মগ্রহণ কৰা খেলুৱৈগৰাকীয়ে ১৯৭৮-৭৯ বৰ্ষত প্রথম শ্রেণীৰ ক্রিকেটৰ পৰা অৱসৰ গ্রহণ কৰিছিল। তেওঁ ৰঞ্জি কেৰিয়াৰত ২৮ টা উইকেট দখল কৰিছে।