কৰুণ! একেটা পৰিয়ালৰ তিনিপুত্ৰৰ পুখুৰীত পৰি মৃত্যু

নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ টিংখাঙৰ ২ নং ৰঙাবননীত অঘটন। পুখুৰীত পৰি মৃত্যু একেটা পৰিয়ালৰ তিনিজনৰ। বৃহস্পতিবাৰে এটা পুখুৰীত পৰি এজন যুৱক আৰু দুটি কিশোৰে মৃত্যুক সাৱটি লয়।
মৃত কেইজনক ক্ৰমে কুলীন হেমৰণ (১৭), পুলীন হেমৰণ (২২) আৰু টুকু হেমৰণ (১২) বুলি চিনাক্ত কৰা হৈছে। তিনিওজন কিৰণ হেমৰণ আৰু অনিতা হেমৰণৰ সন্তান।
জানিব পৰা মতে, কুলীন আৰু পুলীনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও টুকুৰ মৃতেদেহ এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই।
বৰ্তমান অঞ্চলটোৰ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ বিৰাজ কৰিছে।