Local, Vocal, Global

ভগদত্তপুৰ আৰক্ষীৰ জালত এইবাৰ ম’বাইল চোৰ

নিউজ ডেস্ক ,২৮ এপ্ৰিল:- ১১ এপ্ৰিলৰ নিশা কাহিলীপাৰা জনকপুৰৰ গুম্বী চফটোৱেৰ প্ৰাইভেড লিমিটেডৰ পৰা চুৰি হৈছিল ১২১ টা মোৱাইল ফোন।

১৯ এপ্ৰিলৰ পৰা ভগদত্তপুৰ আৰক্ষী চকীৰ IC মাইনা দাসৰ নেতৃত্বত ম’বাইল চুৰিৰ বিৰুদ্ধে চলিছিল এই অভিযান ।

ভাঙনমাৰী চৰ আৰু শিয়ালমাৰী চৰত অভিযান চলাই জব্দ কৰা হৈছিল ৮০ টা ANDROID MOBILE PHONE

গ্ৰেপ্তাৰ কৰিছিল দুই চোৰ ক্ৰমে বদউদ্দিন আলী, আব্বাছ আলী আৰু এগৰাকী মহিলা চুৰনি জৰিনা বেগম ।

এটাৰ পিছত এটা আৰক্ষীৰ সফলতা লাভ কৰাৰ সময়তে বুধবাৰে নিশা আৰক্ষীয়ে পুনৰ ছয়গাঁৱত অভিযান চলাই গ্ৰেপ্তাৰ কৰে সমগ্ৰ চুৰি কাণ্ড মাষ্টাৰ মাইণ্ড জব্বাৰ আলীক ।

ধৃত মহিলা গৰাকী মাষ্টাৰ মাইণ্ড জব্বাৰৰ পত্নী। এতিয়াও ৪১ টা ম’বাইল আৰু দুটা চুৰ কৰায়ত্ব কৰিবলৈ বাকী অভিযানত সফলতা লাভ কৰাৰ বাবে IC মাইনা দাস আৰু ASI উমেশ উপাধ্যায়ক সম্বৰ্ধনা DCP ৰ ।