Local, Vocal, Global

Tragic Road Accidents Across Assam : এক মৰ্মান্তিক দুৰ্ঘটনা; নিহত চাৰিজন

নিউজ ডেস্ক,১৬ এপ্ৰিল : ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত চাৰিজন ।

মঙলবাৰে পুৱতি নিশা গৌৰীপুৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(Tragic Road Accidents Across Assam)।

জানিব পৰা মতে, সোমবাৰে নিশা বঙাইগাঁৱৰ পৰা ধুবুৰী অভিমুখে আহি থকা অৱস্থাত AS 01 BP 1557 নম্বৰৰ বাহনখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে গছত। যাৰ ফলত থিতাতে নিহত হয় ৪ জন। দুৰ্ঘটনাটোত মৃত্যু হোৱা লোককেইজন ক্ৰমে চাহিল আহমেদ, চাহিদ আহমেদ,নুৰ আমিন আৰু এগৰাকী মহিলা বুলি জানিব পৰা গৈছে। ইয়াৰে চাহিল আৰু চাহিদৰ ঘৰ ধুবুৰীৰ বিদ্যাপাৰা অঞ্চলত আৰু নুৰ আমিনৰ ঘৰ ধুবুৰীৰ বিঅচিত। মহিলা গৰাকী এতিয়াও চিনাক্ত হোৱা নাই(Tragic Road Accidents Across Assam;5 Dead, 1 Injured)।

বৰ্তমান চাৰিওজনৰ মৃতদেহ ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক : Odisha Bus Accident : উৰণ সেতুৰ পৰা তলত বাগৰি পৰিল যাত্ৰীবাহী বাছ;নিহত ৫জন, আহত ৩৮জ