Local, Vocal, Global

Odisha Bus Accident : উৰণ সেতুৰ পৰা তলত বাগৰি পৰিল যাত্ৰীবাহী বাছ;নিহত ৫জন, আহত ৩৮জন

নেশ্যনেল ডেস্ক,১৬ এপ্ৰিল : এক মৰ্মান্তিক দুৰ্ঘটনা । উৰণ সেতুৰ পৰা তলত বাগৰি পৰিল যাত্ৰীবাহী বাছ । ফলত থিতাতে নিহত ৫জন, আহত ৩৮জন(Odisha Bus Accident) ।

ওড়িশাৰ জাজপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। সোমবাৰে নিশা সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, উৰণ সেতুৰ পৰা তলত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ । আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ওড়িশাৰ জাজপুৰৰ এখন উৰণ সেতুত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাত পতিত বাছখন পুৰীৰ পৰা পশ্চিমবংগ অভিমুখে যাত্ৰা কৰি আছিল । বাছখনত প্ৰায় ৪২ গৰাকী যাত্ৰী আছিল(5 dead, 38 injured as bus falls from flyover in Odisha’s Jajpur) ।

জাজপুৰৰ আৰক্ষী অধীক্ষক বিনীত আগৰৱালে কয় যে আঘাতপ্ৰাপ্ত লোকসকলক কটকৰ এছচিবি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে । তেওঁ উল্লেখ কৰা মতে দুৰ্ঘটনাটোত ৫ জন লোকৰ মৃত্যু হৈছে । মুখ্য জিলা চিকিৎসা বিষয়া (চিডিএমঅ’) শিবাশীষ মোহৰানাই কোৱা মতে আহত ৩৮ জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক ।

একাংশ প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে বাছখনৰ চালকজনে নিয়ন্ত্ৰণহীনভাৱে বাছখন চলাই আছিল । তেওঁলোকে সন্দেহ কৰা মতে চালকজনে মদ্যপান কৰি আছিল ।

এই ভয়ংকৰ দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলেও ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে(Five dead, 40 injured after bus falls off flyover in Odisha’s Jajpur) ।

অৱশ্যে বৰ্তমানলৈ জানিব পৰা হোৱা নাই এই ভয়ংকৰ দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল ।

লগতে পঢ়ক : PM Modi to Embark on 2-Day Assam Visit Today : আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী